গোলাঘাটত আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰীঃ উদ্ধাৰ লক্ষাধিক টকাৰ হেৰ’ইন

Man arrested with heroin

প্ৰতিনিধিত্বমূলক ছবি

আৰক্ষী-প্ৰশাসনৰ ড্ৰাগছ বিৰোধী পদক্ষেপৰ পিছতো ৰাজ্যত অব্যাহত আছে মাৰাত্মক ড্ৰাগছৰ চোৰাং বেহা। অসাধু চক্ৰই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলাই আছে ড্ৰাগছৰ সৰবৰাহ।

তাৰ মাজতে আজি গোলাঘাটত আৰক্ষীৰ জালত পৰিছে এক ড্ৰাগছ সৰবৰাহকাৰী। ধৃত লোকজনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে সন্দেহযুক্ত হেৰ’ইনৰ ৮টা কণ্টেইনাৰ।

আৰক্ষীয়ে সদৰী কৰা মতে, ধৃত লোকজনক অজয় সিং বুলি চিনাক্ত কৰা হৈছে।

অভিযুক্ত অজয় সিঙে গোলাঘাটত বিক্ৰী কৰাৰ উদ্দেশ্যে নাগালেণ্ডৰ ডিমাপুৰৰ পৰা হেৰ’ইনখিনি আনিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

এই সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নিৰ্দিষ্ট তথ্যৰ ভিত্তিত গোলাঘাটৰ নামবৰ বনাঞ্চলৰ সমীপৰ জুৰিয়া ডোলঙত অভিযান চলাইছিল।

চোৰাংচোৱা সূত্ৰৰ পৰা আৰক্ষীয়ে এজন ব্যক্তিয়ে যথেষ্ট পৰিমাণৰ হেৰ’ইন লৈ গোলাঘাট অভিমুখে যাত্ৰা কৰা বুলি তথ্য লাভ কৰিছিল।

আৰক্ষীয়ে অভিযানৰ সময়ত অজয় সিঙক তালাচী চলাই স্কুটাৰৰ পৰা ১৩২ গ্ৰাম ওজনৰ আঠটা হেৰ’ইনৰ বাকচ উদ্ধাৰ কৰে।

লগে লগে আৰক্ষীয়ে সিঙক থিতাতে গ্ৰেপ্তাৰ কৰে বুলি জানিবলৈ দিছে।