আত্মহত্যা কৰা একেজন ব্যক্তিক নিজৰ স্বামী বুলি মৃতদেহ দাবী ৭গৰাকী ”পত্নী”ৰ

suicide 1

প্ৰতিনিধিত্বমূলক ফটো

এক আত্মহত্যা আৰু ইয়াৰ পিছতে মৃত শৰীৰ বিচাৰি বৰ্তমানলৈকে ৫ গৰাকী পত্নীয়ে ইতিমধ্যে থানাত উপস্থিত হৈছে। এই ঘটনা সংঘটিত হৈছে হৰিদ্বাৰত।

‘টাইমছ অৱ ইণ্ডিয়া’ত প্ৰকাশ পোৱা অনুসৰি মৃত ব্যক্তি গৰাকীক হৰিদ্বাৰৰ ৰবিঞ্চদাস বস্তিৰ বাসিন্দা পবন কুমাৰ (৪০) বুলি জানিব পৰা গৈছে। আৰু পবন কুমাৰ পেচাত এগৰাকী গাড়ী চালক আছিল।

যোৱা দেওবাৰে পবন কুমাৰৰ আত্মহত্যাৰ ঘটনা পোহৰলৈ অহাৰ পাছতেই আন এক চাঞ্চল্যৰ ঘটনা পোহৰলৈ আহিছে।

৪০ বছৰীয়া ব্যক্তিজনে আত্মহত্যা কৰাৰ পিছতে ৫ গৰাকীকৈ মহিলাই মৃত ব্যক্তিগৰাকীক নিজৰ স্বামী বুলি দাবী কৰিছে।

আনহাতে মৃত পবনৰ সত্কাৰৰ পাছত আন দুগৰাকী মহিলাইও ব্যক্তিগৰাকীৰ মৃতদেহ বিচাৰি আৰক্ষীৰ কাষ চাপে। ইতিমধ্যে আৰক্ষীয়ে বিষয়টোক গুৰুত্ব সহকাৰে লৈ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

আৰক্ষীৰ মতে পবন কুমাৰে দেওবাৰে নিশা অত্যধিক বিহ সেৱন কৰিছিল। ফলত তেওঁক তেওঁৰ পত্নীয়ে তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ নিছিল যদিও চিকিত্সকে মৃত ঘোষণা কৰে।

প্ৰবীন সিং কোচিয়াৰি, নামৰ এগৰাকী আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত উল্লেক কৰে যে, ‘আমি এতিয়াও বিচাৰ অব্যাহত ৰাখিছো আৰু এতিয়ালৈ এইটো জানিব পৰা হোৱা নাই যে ব্যক্তিজনে আত্মহননৰ পথ কিয় বাচি ল’লে। যি গৰাকী মহিলাই তেওঁক চিকিত্সালয়লৈ লৈ আহিছিল তেওঁয়ো নিজকে তেওঁৰ পত্নী বুলি দাবী কৰিছে।’