জঘন্য কাণ্ড: ৩০ জনী নাবালিকাক ধৰ্ষণ কৰি হত্যা! ৪০ কিলোমিটাৰ খোজ কাঢ়ি গৈও কৰিছিল অপহৰণ

মাত্ৰ ১৮ বছৰ বয়সত ৰবিন্দৰ ড্ৰাগছৰ প্ৰতি আসক্ত হৈ পৰিছিল। কামৰ পিছত সন্ধিয়া সময়বোৰ পৰ্ণগ্ৰাফী চাই পাৰ কৰিছিল। বস্তিত কিছু সময় কটোৱাৰ পিছত মাজনিশাৰ পৰা আৰম্ভ হৈছিল তাৰ বিকৃত অভিযান!

কেতিয়াবা ১০ টকা বা চকলেটৰ প্ৰলোভনেৰে দূৰৈৰ বস্তিৰ পৰা নাবালিকাক অপহৰণ কৰিছিল। তাৰ পিছত চলাইছিল যৌন নিৰ্যাতন। কেতিয়াবা ধৰ্ষণ কৰি হত্যাও কৰিছিল ৰবিন্দৰে। শেহতীয়াকৈ আৰক্ষীয়ে তাৰ অপৰাধনামা ফাদিল কৰিছে।

লগতে পঢ়ক: লেখিকাক ধৰ্ষণৰ অপৰাধত দোষী সাব্যস্ত ড’নাল্ড ট্ৰাম্প; ৪১০ কোটি টকাৰ জৰিমনা বিহিলে আদালতে

এটি ৬ বছৰীয়া শিশুকন্যাৰ মৃত্যুৰ তদন্তৰ পিছতে আৰক্ষীয়ে গম পালে হত্যাকাৰী যুৱকজনৰ এই জঘণ্য কাহিনী। ২০১৫ চনত আৰক্ষীৰ জালত ধৰা পৰিছিল ২৪ বছৰীয়া ৰবিন্দৰ। তাৰ পিছত তাক দিল্লীৰ তিহাৰ জেলত ভৰ্তি কৰা হয়।

উক্ত গোচৰটো ৮ বছৰ ধৰি চলি থকাৰ পাছত যোৱা শনিবাৰে আদালতে ৰবিন্দৰক দোষী সাব্যস্ত কৰে। আৰক্ষীয়ে তাৰ সৰ্বাধিক শাস্তি বিচাৰিছে। অহা ২ সপ্তাহৰ ভিতৰত আদালতে তাৰ শাস্তি ঘোষণা কৰিব।

আৰক্ষীৰ সূত্ৰ অনুসৰি, ৰবিন্দৰে আগতে ৬ৰ পৰা ১২ বছৰৰ ভিতৰৰ নাবালিকাসকলক লক্ষ্য কৰি লৈছিল। উত্তৰ প্ৰদেশৰ কাশগঞ্জৰ পৰা সি ৰাজমিস্ত্ৰীৰ কাম কৰিবলৈ দিল্লীলৈ আহিছিল। ১৮ বছৰ বয়সৰ পৰাই সি ধৰ্ষণৰ দৰে অপৰাধ সংঘটিত কৰিছিল।

লগতে পঢ়ক: ৬০ বছৰৰ বয়সতো গাভৰু হৈ থকাৰ ৰহস্য : ধুনীয়া হৈ থাকিবলৈ কি কৰে নীতা আম্বানীয়ে?

মুঠতে সি ৭ বছৰত ৩০ জনী নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰাৰ কথা স্বীকাৰ কৰে। ৰবিন্দৰে কেতিয়াবা ৪০ কিলোমিটাৰ খোজ কাঢ়ি গৈ নাবালিকাক অপহৰণ কৰিছিল।