বাজি মাৰি ৯০ মিনিটত খালে ২২ পেগ মদ; টেটুলৈকে গিলি কৰুণ পৰিণতি যুৱকৰ

প্রতিনিধিত্বমূলক ফটো।

বহুতে ছুটিৰ দিনত বন্ধুৰ সৈতে আড্ডা মাৰিবলৈ নাইটক্লাবলৈ যায়। এনেদৰে, বহুদিনৰ পিছত লগ হৈ আড্ডা মাৰি বিভিন্ন বিষয়ত বাজি মাৰি মদ্যপান কৰাও দেখা যায়।কিন্তু তেনে আনন্দ কৰিবলৈ গৈয়েই এজন ব্যক্তিয়ে চৰম পৰিণতি মাতি আনিলে। বাজি মাৰি সুৰা পান কৰিবলৈ গৈ ব্যক্তিজনে পান কৰিলে ২২ পেগ মদ। তাকো আকৌ ৯০ মিনিটত। ইমান কম সময়ৰ ভিতৰতে অত্যধিক মদ খোৱাৰ কৰুণ পৰিণতিৰ বলি হ’ল ব্যক্তি। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে এনে এটা খবৰ।

পোলেণ্ডৰ ক্ৰেকোত সংঘটিত হয় এই কাণ্ড। তাত বন্ধুৰ সৈতে নাইটক্লাবলৈ গৈছিল এজন যুৱক। কিন্তু নাইটক্লাবত বাজি মাৰি তেওঁ যি কাণ্ড ঘটালে সেয়া সঁচাকৈয়ে কল্পনাতীত আছিল। মজাৰ মাজেৰে কৰা আনন্দই তেওঁৰ জীৱনৰ ইতি টানিলে। কম সময়ৰ ভিতৰতে মদ্যপান কৰি বিষক্ৰিয়াত যুৱকজনৰ মৃত্যু হয়। নেটজগতত খবৰটো পোহৰলৈ অহাৰ পিছতে হতভম্ব হৈ পৰিল নেটিজেনসকল।

প্ৰতিনিধিত্বমূলক ফটো।

৩৬ বছৰীয়া মাৰ্কে বন্ধুৰ সৈতে ক্ৰাইয়াল নাইটছ নামৰ ক্লাব এটাত মদ খাবলৈ গৈছিল। নাইটক্লাবত উপস্থিত থকা বন্ধু আৰু অন্যান্যসকলৰ লগত কিমান মদ্যপান কৰিব পাৰে তাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰে। তাৰ পিছত মাত্ৰ ৯০ মিনিটৰ ভিতৰতে যুৱকজনে ২২ পেগ মদ খালে। মদ্যপান কৰাৰ কিছু সময়ৰ পিছতে তেওঁ অসুস্থ হৈ পৰে। চিকিৎসালয়লৈ নিয়াৰ পিছত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

মৃত্যুৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত তেওঁৰ দেহত ০.৪ শতাংশ এলক’হল আছিল বুলি জানিব পৰা গৈছে। যিটো স্বাভাৱিকতকৈ বহু বেছি। অতিৰিক্ত মদ খোৱাৰ পিছত তেওঁ অজ্ঞান হৈ পৰে। আনকি অভিযোগ কৰা হৈছে যে সেই সময়ত যুৱকজনৰ পৰা ৪২০ পাউণ্ড লুট কৰা হৈছিল।

প্ৰতিনিধিত্বমূলক ফটো।

আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে আৰক্ষীয়ে ৪ জন অভিযুক্তক জেৰা আৰম্ভ কৰিছে, য’ত আছে নাইট ক্লাবৰ পৰিচালকসহ মৃতকৰ বন্ধু। একে সময়তে ৯০ মিনিটত ২২ পেগ মদ পান কৰাটো কিমান যুক্তিসংগত তাক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে নেটিজেনসকলে।