NORTHEAST NOW (Assamese)

যোগাৰ নহ’ল ৩০ টকাও, জেগা নাপাই হস্পিতালৰ বাহিৰতে কটালে তিনি ৰাতি; ঠাণ্ডাতে মৃত্যু যুৱকৰ

January 15, 2025 11:30 am · এন ই নাও নিউজ, গুৱাহাটী

কৰ্ণাটকৰ মহীশূৰ জিলাৰ এখন চিকিৎসালয়ৰ বাহিৰত টোপনিতে মৃত্যু হয় শিৱগোপলাইয়া নামৰ এজন ৩৫ বছৰীয়া যুৱকৰ। চিকিৎসালয়ৰ ডৰমিটৰিত থকাৰ বাবে প্ৰয়োজনীয় ৩০ টকা যোগাৰ কৰিব নোৱাৰি ঠাণ্ডাত তিনি ৰাতি চিকিৎসালয়ৰ চৌহদতে কটাইছিল।

শুকুৰবাৰে তেওঁৰ পত্নী অশ্বত্থাম্মাই চিজাৰিয়ানৰ জৰিয়তে এটা সুস্থ ল’ৰা সন্তান জন্ম দিয়ে। নৱজাত পুত্ৰ আৰু পত্নীৰ লগত থাকিবলৈ শিৱগোপলাইয়া মহীশূৰলৈ গৈছিল। কিন্তু আৰ্থিক সমস্যাৰ বাবে তেওঁ নিশাটো হস্পিতালৰ বাহিৰত কটাবলগীয়া হ’ল, কিয়নো ডৰমিটৰিত থকাৰ বাবে টকা নাছিল।

তেওঁ ঘৈণীয়েকৰ অৱস্থা হঠাৎ বেয়া হ’ব পাৰে বুলি জানিছিল, সেয়ে বাহিৰত থকাৰ সিদ্ধান্ত লয়। সোমবাৰে পুৱা হস্পিতাললৈ যাওঁতে দেখা গ’ল শিৱগোপালয়াৰ মৃতদেহ পৰি ৰৈছে।

শিৱগোপলাইয়াৰ সহকৰ্মী সুৰেশে কয় যে তেওঁৰ হাতত খাদ্যৰ বাবেও টকা নাছিল, আৰু কিছু সাহায্য লৈ তেওঁ খাদ্য পাইছিল। আনকি এজন ডাক্তৰে কেঁচুৱাৰ গাখীৰ কিনিবলৈও কিছু টকা দিছিল। মহীশূৰ চিকিৎসা মহাবিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ ডীন ডাঃ কে আৰ দক্ষায়ণীয়ে কয় যে ডৰমিটৰিত সা-সুবিধা আছিল যদিও আৰ্থিক কাৰণত শিৱগোপলাইয়াই সেয়া ব্যৱহাৰ কৰা নাছিল।

সোমবাৰে চিকিৎসালয় কৰ্তৃপক্ষই এই ঘটনাৰ বিষয়ে জানিব পাৰে। মৃত্যুৰ কাৰণ আৰক্ষীয়ে নিশ্চিত কৰিব। শিৱগোপলাইয়াৰ পত্নী অশ্বথামা এতিয়াও চিকিৎসালয়খনৰ আই চি ইউত ভৰ্তি হৈ আছে যদিও স্বামীৰ মৃত্যুৰ কথা তেওঁ জনা নাই।

Related News