এটা ভাইৰেল ভিডিঅ’ত দেখা গৈছে যে মনালিছাৰ ছবিৰ ফ্ৰেমৰ কাঁচত বগা ক্ৰীম সনা আছে। অপৰাধীজনক আঁতৰাই নিয়াৰ সময়ত তেওঁ ফৰাচী ভাষাত উপ স্থিত দৰ্শকসকলক কিবা কোৱাও শুনা যায়। দৰাচলতে কি আছিল ঘটনাটো?
যুৱকজনে মনালিছাৰ ছবিখনত কেক সানি দিছিল। পেৰিছৰ লুভাৰে মিউজিয়ামত বৃদ্ধাৰ ৰূপত প্ৰৱেশ কৰিছিল যুৱকজনে। তেওঁ হুইলচেয়াৰত বহি ছবিখনৰ সন্মুখলৈ আগবাঢ়ি গৈছিল। তাৰ পিছত হঠাতে তেওঁ উঠি লয় আৰু ছবিখনত ক্ৰীম কেক সানি দিয়ে। মনালিছাৰ পোট্ৰেইটৰ ওপৰত বগা ক্ৰীম সনা ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
পেৰিছৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি যুৱকজনে এগৰাকী বৃদ্ধ মহিলাৰ ছদ্মবেশত হুইলচেয়াৰত প্ৰৱেশ কৰিছিল। ফলস্বৰূপে, সকলোৱে তেওঁক ছবিখন চাবৰ বাবে সন্মুখলৈ আগবাঢ়ি যাবলৈ বাট এৰি দিয়ে। তাৰেই সুযোগ গ্ৰহণ কৰি তেওঁ জঁপিয়াই উঠি প্ৰসিদ্ধ (আইকনিক) পেইণ্টিংখনত কেক সানি দিয়ে। ঘটনাটোৰ আকস্মিকতাই উপস্থিত দৰ্শকসকল হতবাক কৰি তোলে।
Maybe this is just nuts to me💀but an man dressed as an old lady jumps out of a wheel chair and attempted to smash the bullet proof glass of the Mona Lisa. Then proceeds to smear cake on the glass, and throws roses everywhere all before being tackled by security. 😂??? pic.twitter.com/OFXdx9eWcM
— Lukeee🧃 (@lukeXC2002) May 29, 2022
অৱশ্যে মনালিছাৰ সেই বিখ্যাত ছবিখনৰ কোনো ক্ষতি হোৱা নাই। মনালিছাৰ এই ছবিখন হৈছে পৃথিৱীৰ আটাইতকৈ বিখ্যাত শিল্পকৰ্ম। নকলেও চলে যে লিওনাৰ্ডো দা ভিঞ্চিৰ এই সৃষ্টি সকলোৰে সন্মুখত এনেদৰে এনেই ওলমাই ৰাখিব। মনালিছাৰ এই প্ৰতিকৃতি বুলেটপ্ৰুফ গ্লাচৰ পিছফালে লগাই ৰখা হৈছে। অৰ্থাৎ কেক-ক্ৰীম সকলো গ্লাছৰ ওপৰতে ৰৈছে।
প্ৰত্যক্ষদৰ্শীৰ মতে, অপৰাধীজনে নকল চুলি পৰিধান কৰিছিল। প্ৰথমে তেওঁ ডিছপ্লে কেচটো নষ্ট কৰিবলৈ চেষ্টা কৰে। কিন্তু বুলেটপ্ৰুফ গ্লাছ ভেদ কৰাটো সহজ নাছিল। শেষত তেওঁ কেকটো গ্লাছৰ পেনেলৰ ওপৰতে সানি দিয়ে। তাৰ পিছত তেওঁ গোলাপৰ পাহিবোৰ ছিঙি ছটিয়াই দিয়ে। তৎমুহূৰ্ততে নিৰাপত্তাৰক্ষীসকল উপস্থিত হৈ তেওঁক মাটিত বগৰাই ধৰি ৰাখে।
ভিডিঅ’টোত দেখা গৈছে যে মনালিছাৰ পেইন্টেংখনৰ গ্লাছত বগা ক্ৰীম লাগি আছে। অপৰাধীজনক আঁতৰাই নিয়াৰ সময়ত তেওঁ দৰ্শকসকলক উদ্দেশ্যি ফৰাচী ভাষাত কিবা কোৱা শুনা যায়।
Aquí el momento en que se llevan a quien le aventó un pastel a la Monalisa.pic.twitter.com/HBayMOdcKV
— Alejandro Alemán (@elsalonrojo) May 29, 2022
ফৰাচী সংবাদ মাধ্যমৰ বাতৰি অনুসৰি যুৱকজনে কয়, “কিছুমান লোকে পৃথিৱীখন ধ্বংস কৰিবলৈ চেষ্টা কৰি আছে। পৃথিৱীৰ বিষয়ে চিন্তা কৰক!’
অৰ্থাৎ যুৱকজনে শিল্পকৰ্মৰ বাহিৰে আন কোনো বিষয়ত সাধাৰণ মানুহৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰিছিল। এই সকলো আছিল কেৱল প্ৰতিবাদৰ ভাষা!
কিন্তু কঠোৰ নিৰাপত্তাৰ মাজতো যুৱকজনে কেনেকৈ ছদ্মৱেশ ধৰি কেক লৈ প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল তাকলৈ প্ৰশ্নৰ অৱতাৰণা হৈছে।