অবৈধ সম্পৰ্ক থকাৰ সন্দেহত পত্নীসহ দুগৰাকী কন্যাক হাতুৰীৰে মৰিয়াই হত্যা; আন গৰাকী কন্যা আহত : অভিযুক্তক গ্ৰেপ্তাৰ

WhatsApp-Image-2020-12-08-at-8.36.28-AM-750x375

এক লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি গৈছে উত্তৰ প্ৰদেশ।

এগৰাকী ৬০ বছৰীয়া লোকে নিজ পত্নীসহ দুই কন্যাক হাতুৰীৰে মৰিয়াই হত্যা কৰাৰ লগতে এগৰাকী কন্যাক আহত কৰিছে।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা ঘটনাৰ বিৱৰণীৰ মতে উত্তৰ প্ৰদেশৰ বুলান্দশৰ জিলাৰ ৬০ বছৰীয়া লোকজনে ৫০ বছৰীয়া নিজ পত্নী ২০, ১৮ আৰু ১৫ বছৰীয়া তিনি কন্যাৰ অবৈধ সম্পৰ্কত লিপ্ত থকাৰ অভিযোগ তুলি প্ৰায়ে কন্দলত লিপ্ত হৈ আহিছিল।

মগংলবাৰে পত্নী আৰু তিনি কন্যাৰে কন্দলত লিপ্ত হৈ পিছত নিশা শুই থকা অৱস্থাত লোকজনে পত্নীসহ তিনি কন্যাৰ মূৰত হাতুৰীয়ে মৰিয়াই আক্ৰমণ কৰে।

হাতুৰীয়ে মূৰত আঘাত কৰাৰ ফলত ঘটনাস্থলীতে পত্নীসহ দুই কন্যাৰ মৃত্যু হয় আৰু ১৮ বছৰীয়া অন্যগৰাকী কন্যা গুৰুতৰভাৱে আহত হয়।

আৰক্ষীয়ে আহত কন্যাগৰাকীক উদ্ধাৰ কৰি মীৰাটৰ এখন চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱায়।

ঘটনাটো সংঘটিত হোৱাৰ পিছতে প্ৰতিবেশীয়ে নিজ পৰিয়ালৰ সৈতে পৃথকে বাস কৰা অভিযুক্ত লোকজনৰ পুত্ৰক খবৰ দিয়ে।

পুত্ৰই খবৰ লাভ কৰিয়ে পিতৃৰ ঘৰলৈ গৈ মাতৃসহ তিনি ভগ্নী তেজেৰ তুমৰলি হৈ পৰি থকা প্ৰত্যক্ষ কৰি লগে লগে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

২২ বছৰীয়া পুত্ৰৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে অভিযুক্ত লোকগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

“লোকজনে অবৈধ সম্পৰ্ক থকাৰ সন্দেহত নিজ পত্নীসহ দুই কন্যাক হাতুৰীয়ে মৰিয়াই হত্যা কৰিছে। তেওঁ তেওঁলোকৰ সৈতে কন্দলত লিপ্ত হৈছিল।” জ্যেষ্ঠ আৰক্ষী অধীক্ষক এছ কে সিঙে সংবাদ মাধ্যমৰ আগত কয়।

“অলপ পিছত তেওঁৰ পত্নী আৰু কন্যাহঁত শুই গৈছিল, তেতিয়াই তেওঁ হাতুৰীয়ে তেওঁলোকৰ মূৰত আঘাত কৰে। পত্নী আৰু দুই কন্যাৰ মৃত্যু ঘটে, আনহাতে এগৰাকী গুৰুতৰভাৱে আহত হয় আৰু তেওঁক চিকিৎসাৰ বাবে মীৰাটলৈ প্ৰেৰণ কৰা হৈছে।” সিঙে লগতে কয়।