লাভ জেহাদ!: যুৱতীক বলপূৰ্বকভাৱে বিয়া কৰি ধৰ্ষণ কৰাৰ অভিযোগত জে’ল হাজোতলৈ গ’ল এজন যুৱক

Love-jihad.jpga

এগৰাকী হিন্দু যুৱতীক অপহৰণ কৰি নি বিয়া কৰাই উপৰ্যুপৰি ধৰ্ষণ কৰি ৰঙা ঘৰৰ আলহী হৈছে এগৰাকী মুছলমান যুৱক।

ঘটনাটো সংঘটিত হৈছে ওড়িশাৰ জয়পুৰ জিলাত। ইতিমধ্যে কটকৰ পৰা শুকুৰবাৰে নিৰ্যাতিতা যুৱতীগৰাকীক আৰক্ষীয়ে উদ্ধাৰ কৰি অভিযুক্ত যুৱকজনক আদালতত হাজিৰ কৰাৱাই জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে।

আৰক্ষীয়ে প্ৰকাশ ঘটনাৰ বিৱৰণীৰ মতে ২৪ বছৰীয়া মুছলমান যুৱকজনে ২১ বছৰীয়া এগৰাকী হিন্দু যুৱতীক অপহৰণ কৰি নি বলপূৰ্বকভাৱে বিবাহ কৰোৱাই যোৱা ১০ দিন ধৰি উপৰ্যুপৰি ধৰ্ষণ কৰি আহিছিল।

ঘটনাৰ সন্দৰ্ভত যুৱতী গৰাকীৰ পিতৃয়ে স্থানীয় ধৰ্মশালা আৰক্ষীৰ থানাত অবিযোগ দাখিল কৰে। ইয়াৰ পিছতে যুৱতীগৰাকীৰ সন্ধানত অভিযান চলাই ১২ দিনৰ পিছত শুকুৰবাৰে কটক চহৰৰ পৰা যুৱতীগৰাকীক উদ্ধাৰ কৰাৰ লগতে যুৱকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

যোৱা ৫ ডিচেম্বৰত যুৱকজনে যুৱতীগৰাকীক কলেজলৈ গৈ থকাৰ অৱস্থাত পথৰ পৰা অপহৰণ কৰি নি বলপূৰ্বকভাৱে বিবাহ কৰোৱাৰ লগতে লাভ জেহাদ কৰা বুলি অভিযোগ কৰিছে যুৱতীগৰাকীৰ পিতৃয়ে। যুৱতীগৰাকীৰ পিতৃয়ে যুৱকজনৰ পিতৃৰ বিৰুদ্ধেও অভিযোগ দাখিল কৰিছে।

আনহাতে যুৱতীগৰাকীৰ উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছত যুৱতীগৰাকীক উপৰ্যুপৰি অসংখ্যবাৰ ধৰ্ষণ কৰা বুলি চিকিৎসকে নিশ্চিত কৰিছে।

ইতিমধ্যে অভিযুক্ত যুৱকগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৬৬ আৰু ৩৭৬(২)(এন) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি আদালত হাজিৰ কৰোৱা হয়। আদালতে যুৱকজনক জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে।

ইফালে যুৱকজনে জামিনৰ বাবে আবেদন কৰিছিল যদিও আদালতে জামিন আবেদন খাৰিজ কৰি দিয়ে বুলি প্ৰকাশ কৰিছে ধৰ্মশালা আৰক্ষী বিষয়াই।