কুঠাৰেৰে আক্ৰমণ কৰি নিজ কন্যাক হত্যা কৰিলে পিতৃয়ে : কন্যাৰ প্ৰেমাষ্পদকো আক্ৰমণ

index.jpg

এগৰাকী পিতৃয়ে কুঠাৰেৰে আক্ৰমণ কৰি হত্যা কৰিছে নিজ কন্যাক।

এই লোমহৰ্ষক ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কাণপুৰত।

স্থানীয় সূত্ৰই সংবাদ মাধ্যমক জনোৱা অনুসৰি লোকজনৰ কন্যা গৰাকীৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল।

এই সম্পৰ্কটোক যুৱতী গৰাকীৰ পিতৃয়ে মানি ল’ব পৰা নাছিল।

ঘটনাৰ বিৱৰণীৰ মতে লোকজনৰ কন্যা গৰাকীয়ে যোৱা ৰাতি প্ৰেমাস্পদৰ ঘৰলৈ পলাই যায়।

এই কথাত খঙত অগ্নিশৰ্মা হৈ পিতৃ গৰাকীয়ে যুৱকজনৰ ঘৰলৈ গৈ নিজ কন্যাৰ লগতে যুৱকজনকো কুঠাৰেৰে আক্ৰমণ কৰে।

কুঠাৰ আক্ৰমণত যুৱতী গৰাকীৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰ ভাৱে আহত হয় যুৱকজন।

গুৰুতৰভাৱে আহত যুৱতজনক স্থানীয় লোকে ততাতৈয়াকৈ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱায়।

জানিব পৰা মতে যুৱকজনৰ অৱস্থা অতি সংকটজনক।

ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত স্থানীয় গাজনাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে।