পৰ্তুগীজ পিজন ৰেচাৰৰ মাজত বিবাদ; নিজকে হত্যা কৰাৰ পূৰ্বে আন ৩ জনক গুলীয়াই হত্যা বন্দুকধাৰীৰ

ফটো: সংগ্ৰহীত।

পৰ্তুগীজ আৰক্ষীয়ে দেওবাৰে কয় যে এজন লোকে নিজকে  বন্দুকেৰে হত্যা কৰাৰ পূৰ্বে তিনিজন লোকক নিষ্ঠুৰভাৱে গুলীয়াই হত্যা কৰে যিটোক স্থানীয় সংবাদ মাধ্যমে প্ৰতিদ্বন্দ্বী পাৰ চৰাই দৌৰবিদৰ (পিজন ৰেচাৰ) মাজত ঘটা বিবাদ বুলি অভিহিত কৰিছে।

লিছবনৰ দক্ষিণে অৱস্থিত চেটুবাল চহৰৰ আৰক্ষী আয়ুক্ত আন্দ্ৰেয়া গনছালভেছে ৩০ৰ পৰা ৬০ বছৰৰ ভিতৰৰ চাৰিজন লোকৰ মাজত হোৱা বিবাদৰ বৰ্ণনা কৰি কয় যে তেওঁলোকৰ এজনে নিজকে গুলীয়াই হত্যা কৰাৰ পূৰ্বে আনসকলক গুলীয়াই হত্যা কৰিছিল।

লগতে পঢ়ক: সন্ত্ৰাসবাদী কাৰ্যকলাপ দমনৰ বাবে ডাঙৰ পদক্ষেপ; কেন্দ্ৰই নিষিদ্ধ কৰিলে ১৪টা মেছেজিং এপ

তেওঁ এই মৃত্যুক লোককেইজনৰ মাজৰ এক অমীমাংসিত সমস্যাৰ সৈতে জড়িত “এটা বিচ্ছিন্ন পৰিস্থিতি” বুলি অভিহিত কৰে।

পৰ্তুগীজ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি মৃত চাৰিজন ব্যক্তিয়ে পাৰ চৰাইৰ দৌৰত অংশগ্ৰহণ কৰিছিল আৰু অবৈধ শাক-পাচলিৰ বাগিচাক কেন্দ্ৰ কৰি তেওঁলোকৰ মতানৈক্য ঘটিছিল।

লগতে পঢ়ক: হাজাৰ হাজাৰ হীৰা খচিত আঙঠি! গিনিজ বুকত নাম সোমাল ভাৰতীয় কোম্পানীৰ; মূল্য কিমান?

পৰ্তুগালত বন্দুকৰ ওপৰত নিষেধাজ্ঞামূলক আইন আছে যদিও চিকাৰৰ বাবে আগ্নেয়াস্ত্ৰ বৈধ। আৰক্ষীৰ পৰিসংখ্যা অনুসৰি ২০১৫ চনৰ পৰা পৰ্তুগালত গড়ে বাৰ্ষিকভাৱে পঞ্জীয়ন কৰা ৮০টা মান হত্যাকাণ্ডৰ ভিতৰত প্ৰায় পাঁচ শতাংশই আগ্নেয়াস্ত্ৰৰে সংঘটিত হৈছে।