ওদালগুৰিত ভূমি বিবাদৰ চূড়ান্ত ৰূপ: জেষ্ঠ ভাতৃয়ে প্ৰাণ ল’লে কনিষ্ঠ ভাতৃৰ

Murder for Land dispute

প্ৰতিনিধিত্বমূলক ছবি

ওদালগুৰি জিলাৰ ভুতুনিডুবা গাঁৱত দুই সম্পৰ্কীয় ককাই-ভাইৰ মাজত চলি থকা ভূমি বিবাদে ল’লে ভয়াৱহ ৰূপ। ভূমি বিবাদৰ পৰিণতিত নিজ জেষ্ঠ ভাতৃৰ হাততে প্ৰাণ হেৰুৱাইছে এজন লোকে।

মৃত ব্যক্তিজনক ৫২ বছৰীয়া আছগৰ আলী বুলি চিনাক্ত কৰা হৈছে।

ভূ-সম্পত্তি সম্পৰ্কীয় দীৰ্ঘদিনীয়া বিবাদৰ বাবেই আছগৰ আলীক জ্যেষ্ঠ ভাতৃ আকবৰ আলীয়ে হত্যা কৰিছে।

ঘটনা সন্দৰ্ভত ওদালগুৰি আৰক্ষীয়ে আকবৰ আলী আৰু তেওঁৰ পত্নী হামিদা বেগমক আটক কৰে।

স্থানীয় লোকসকলৰ অভিযোগ অনুসৰি আকবৰ আলী আৰু পত্নী হামিদা খাতুনৰ লগতে তেওঁলোকৰ পুত্ৰ আব্দুছ ছালামো এই হত্যাকাণ্ডত জড়িত আছিল।

অৱশ্যে আৰক্ষীয়ে এই পৰ্যন্ত ছালামক আটক কৰা নাই। আৰক্ষীয়ে জানিবলৈ দিয়া মতে সম্পত্তিক লৈ দুই ভাতৃৰ পৰিয়ালৰ মাজত দীৰ্ঘদিন ধৰি বিবাদ চলি আছিল।

আৰক্ষীয়ে লগতে মুখ্য অভিযুক্ত আকবৰ আলীয়ে অপৰাধ স্বীকাৰ কৰিছে বুলিও জানিবলৈ দিয়ে।

অভিযুক্ত আকবৰ আলীৰ পৰিয়ালে আছগৰৰ হাত-ভৰি ৰচীৰে বান্ধি লাঠি আৰু ইটাৰে আক্ৰমণ কৰিছিল আৰু এই অকথ্য নিৰ্যাতনৰ ফলত ঘটনাস্থলীতে তেওঁৰ মৃত্যু হৈছিল বুলি আৰক্ষীয়ে সদৰি কৰিছে।