এগৰাকী বেংক কৰ্মচাৰীৰ অংক! ৩৭দিনত তিনিবাৰ ডিভোৰ্ছ, চাৰিবাৰ বিয়া; ঘটনাটো কি?

marriage_1618138847 final

প্ৰতিনিধিত্বমূলক ফটো।

বিয়া পাতি বিচ্ছেদ কৰি আকৌ আন মহিলাৰ পাণি গ্ৰহণ কৰি সংসাৰ কৰা ঘটনা প্ৰায়েই সংঘটিত হৈ থাকে।

কিন্তু এগৰাকী ব্যক্তিয়ে একেগৰাকী মহিলাকে তিনিবাৰ ডিভোৰ্ছ দি আকৌ চাৰিবাৰ বিয়া পাতিলে। তাকো মাত্ৰ ৩৭ দিনৰ ভিতৰতেই।

তাইৱানৰ তাইপেত এনে এক আজৱ ঘটনাই সংঘটিত হৈছে।

ঘটনাটো কিছু পুৰণি যদিও সদ্যহতে এগৰাকী আইনজীৱীৰ ফেচবুক প’ষ্টৰ জৰিয়তে খৱৰটো পোহৰলৈ আহে।

বাতৰি অনুসৰি, বৃত্তিত এগৰাকী বেংক কৰ্মচাৰী সেই ব্যক্তিগৰাকীয়ে বিয়াৰ বাবে সবেতনে (leave with pay) ছুটীৰ বাবে আবেদন কৰে। সেইদৰে যোৱা বছৰ ৭এপ্ৰিলৰ পৰা ১৬ এপ্ৰিললৈকে মুঠতে আঠদিনৰ ছুটী লাভ কৰে।

পিচে, ব্যক্তিগৰাকীয়ে  আঠদিনৰ পাছতে পত্নীক ডিভোৰ্ছ দিয়ে। আকৌ বিয়াৰ দিন ঠিক কৰি বেংকৰ পৰা ছুটী বিচাৰি আবেদন কৰে। ছুটীও মঞ্জুৰ হয় আৰু তেওঁ ৭দিনৰ পূৰ্বে ডিভোৰ্ছ দিয়া পত্নীকে আকৌ বিয়া কৰায়।

ইয়াৰ পাছত ছুটী শেষ হোৱাৰ পূৰ্বে তেওঁ পুনৰ একে কাণ্ডকে কৰে। এইদৰে মুঠ তিনিবাৰ ডিভোৰ্ছ দিয়ে। শেষ পৰ্যন্ত তেওঁ ১২ মে’ত চতুৰ্থবাৰৰ বাবে বিয়া পাতে।

পাছত বেংক কৰ্তৃপক্ষই কথাটো জানিব পাৰে আৰু পাছৰবাৰ সেই ব্যক্তিগৰাকীয়ে পুনৰ বিয়াৰ বাবে ছুটী বিচৰাত বেংকে সেয়া প্ৰত্যাখ্যান কৰে। লগতে বেংকৰ পৰা স্পষ্ট কৰি দিয়া হয় যে ব্যক্তিগৰাকীক তেওঁৰ প্ৰথম বিয়াৰ বাবেহে কেবল সবেতনে ছুটী দিয়া হ’ব।

ইপিনে, ব্যক্তিগৰাকীয়ে উৰ্ধতন বিষয়াৰ এই সিদ্ধান্তত সন্তুষ্ট নহৈ তাইপেই চহৰৰ শ্ৰম বিভাগত বেংক কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে।

গোটেই ঘটনা শুনাৰ পাছত শ্ৰম বিভাগে সেই বেংকক ৭০০ডলাৰ জৰিমনা বিহে। কিন্তু বেংকৰ কৰ্তপক্ষই সমগ্ৰ ঘটনা শ্ৰম বিভাগক অৱগত কৰে।

শ্ৰম বিভাগৰ শীৰ্ষ বিষয়াই জনায় যে ব্যক্তিগৰাকীৰ আচৰণ যুক্তিসংগত নহয়, কিন্তু শ্ৰম আইনত এই ধৰণৰ আচৰণৰ বাবে কোনো শাস্তিৰ বিধান নাই। গতিকেই ব্যক্তিগৰাকীক শাস্তি প্ৰদান কৰিব পৰা নায়ায়।

ঘটনাটো পোহৰলৈ অহাৰ পাছতেই সকলোৱে ইয়াক লৈ সৰস আলোচনা চলায়। বহুতেই ব্যক্তিগৰাকীৰ এনে বুদ্ধিৰ ‘প্ৰশংসা’ও কৰিছে।