প্ৰতাৰণা! অৰ্ডাৰ দিছিল ৯০ হাজাৰ টকাৰ সামগ্ৰী; আহিল আন কিবাহে!

ডেলিভাৰী পেকেজ দেখি হতভম্ব গ্ৰাহক: আমাজনক জবাবদিহি

Amazon

সাম্প্ৰতিক সময়ত প্ৰায়সংখ্যক লোকেই যিকোনো সামগ্ৰী অনলাইন যোগেই ক্ৰয় কৰিবলৈ ইচ্ছা কৰে। ৰেহাই মূল্যতে অনলাইনত যিকোনো সামগ্ৰী উপলব্ধ হোৱাৰ লগতে শাৰীৰিক শ্ৰমৰ প্ৰয়োজন নোহোৱাৰ বাবেই মূলত অনলাইন শ্ব’পিং সকলোৰে পচন্দৰ হৈ পৰিছে।

পিছে অনলাইনত সামগ্ৰী ক্ৰয় কৰিবলৈ গৈ বহু সময়ত প্ৰতাৰণাৰ বলিও হৈছে ক্ৰেতা। অৰ্ডাৰ দিয়া সামগ্ৰীৰ সলনি কেতিয়াবা ক্ৰেতাই লাভ কৰে আন কোনো অপ্ৰয়োজনীয় দ্ৰব্য। এনে প্ৰতাৰণাৰ বাবেই আকৌ বহু লোকে অনলাইনত বজাৰ কৰিবলৈ সন্মত নহয়।

জনপ্ৰিয় অনলাইন শ্ব’পিং আমাজনত সামগ্ৰী ক্ৰয় কৰিবলৈ গৈ শেহতীয়াকৈ এনে অথন্তৰৰ সন্মুখীন হৈছে অৰুণ কুমাৰ মেহেৰ নামৰ এগৰাকী ব্যক্তি। মেহেৰে আমাজনৰ জৰিয়তে অৰ্ডাৰ দিছিল ৯০ হাজাৰ টকা মূল্যৰ এখন কেমেৰাৰ লেন্স।

কিন্তু ডেলিভাৰী হোৱা পেকেজটোৰ ভিতৰত তেওঁ আশ্চৰ্যকৰভাৱে লাভ কৰে কিছু কুইনোয়াৰ গুটিহে। এই ঘটনাত হচকিত তথা ক্ষোভিত হৈ পৰে অৰুণ কুমাৰ। আমাজনৰ এই কাৰ্যক বৃহৎ কেলেংকাৰী বুলি অভিহিত কৰি অনলাইন প্ৰতিষ্ঠানটোক ইয়াৰ বাবে জবাবদিহি কৰিছে।

এক টুইট যোগে তেওঁ আমাজনক তাৎক্ষণিকভাৱে এই বিষয়টোৰ সমাধা কৰি তেওঁ অৰ্ডাৰ দিয়া নিৰ্দিষ্ট কেমেৰাৰ লেন্সখন অথবা তেওঁ পৰিশোধ কৰা ধন ঘূৰাই দিবলৈ দাবী জনায়। টুইটটোত লগতে তেওঁ ডেলিভাৰী পেকেজটোৰ অহা কুইনোয়াৰ বীজৰ ছবিও সংলগ্ন কৰি দিয়ে।

 

অৰুণ কুমাৰৰ পৰা এই অভিযোগ লাভ কৰাৰ পিছত সঁহাৰি জনায় আমাজনে। অনলাইন ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে এই ঘটনাৰ বাবে দুখ প্ৰকাশ কৰি মেছেজযোগে অৰুণ কুমাৰক অৰ্ডাৰ কৰা সামগ্ৰী তথা তেওঁৰ একাউণ্ট সম্পৰ্কীয় সবিশেষ ব্যক্তিগত তথ্য প্ৰেৰণ কৰিবলৈ আহ্বান জনায়।