নিজ কন্যা-ভাতৃসহ পাঁচগৰাকী ব্যক্তিক হত্যা: হত্যাকাৰীক মৃত্যুদণ্ড বিহিলে ত্ৰিপুৰা আদালতে

Man sentenced to death

নিজৰ দুগৰাকী কন্যা সন্তান, ভাতৃ আৰু এগৰাকী আৰক্ষী বিষয়াৰ লগতে আন এগৰাকী ব্যক্তিক হত্যা কৰাৰ অভিযোগত দোষী সাব্যস্ত হোৱাৰ পিছত ত্ৰিপুৰাৰ এগৰাকী ব্যক্তিক মৃত্যুদণ্ডৰ শাস্তিৰে দণ্ডিত কৰিছে।

ৰাজ্যখনৰ খোৱাই জিলাৰ আদালতে ৪০ বৰ্ষীয় ব্যক্তিগৰাকীক এই চৰম শাস্তি প্ৰদান কৰে।

যোৱা বৰ্ষৰ ২৬ নৱেম্বৰত প্ৰদীপ দেৱৰয় নামৰ ব্যক্তিগৰাকীয়ে এই অপৰাধ সংঘটিত কৰিছিল আৰু তদন্ত তথা বিচাৰৰ পিছত আদালতে তেওঁক দোষী সাব্যস্ত কৰি বুধবাৰে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে।

উত্তৰ ৰামচন্দ্ৰঘাটৰ বাসিন্দা প্ৰদীপে প্ৰথমে তেওঁৰ দুই কন্যা অদিতি আৰু মন্দিৰাক লোহাৰ ৰডেৰে হত্যা কৰে। এই অপৰাধৰ সময়ত হস্তক্ষেপ কৰাৰ বাবে প্ৰদীপে তেওঁৰ ভাতৃ অমলেশ দেৱৰয়কো হত্যা কৰে।

এই হত্যাকাণ্ড সংঘটিত কৰাৰ পিছত তেওঁ পথলৈ ওলাই যায় আৰু আচম্বিতে কৃষ্ণ দাস নামৰ আন এগৰাকী লোকক প্ৰহাৰ কৰি হত্যা কৰে।

ইফালে খোৱাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যজিৎ মল্লিক এই সময়তে আৰক্ষীৰ দলৰ সৈতে সেই স্থানত উপস্থিত হয়। কিন্তু চাৰিটাকৈ হত্যাকাণ্ড সংঘটিত কৰা প্ৰদীপে মল্লিককো আক্ৰমণ কৰে।

এই আক্ৰমণত আৰক্ষী বিষয়া মল্লিক গুৰুতৰভাৱে আহত হয়। সংকটজনক অৱস্থাত মল্লিকক আগৰতলাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসাধীন অৱস্থাত তেওঁ মৃত্যু হয়।

পিছত অৱশ্যে তীব্ৰ অভিযানৰ অন্তত আৰক্ষীয়ে হত্যাকাৰী প্ৰদীপ দেৱৰয়ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰু তদন্তৰ অন্তত অভিযোগনামা দাখিল কৰে।

ধৃত প্ৰদীপক প্ৰথমে মানসিকভাৱে অসুস্থ বুলি ধাৰণা কৰা হৈছিল যদিও চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰাৰ পিছত মানসিকভাৱে সুস্থ বুলি ধৰা পৰিছিল।