সংসদ ভৱনৰ সমীপত অঘটন! মোদী বিৰোধী শ্ল’গান আওৰাই আত্মজাহৰ চেষ্টা এগৰাকী ব্যক্তিৰ
দেশৰ ৰাজধানী চহৰ দিল্লীৰ মাজমজিয়াত সংসদ ভৱনৰ সমীপত বৃহস্পতিবাৰে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হোৱাৰ উপক্ৰম হয়। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰোধিতাৰে নিজ দেহত অগ্নিসংযোগৰ চেষ্টা চলায় এগৰাকী ব্যক্তিয়ে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সমৰ্থনত সংসদ ভৱনৰ সমীপত শ্ল’গান দি আছিল ব্যক্তিগৰাকীয়ে।
শ্ল’গান আওৰাই থকাৰ মাজতে তেওঁ শৰীৰত জুই লগাই আত্মজাহৰ চেষ্টা কৰে। অৱশ্যে আৰক্ষীয়ে ব্যক্তিগৰাকীক উদ্ধাৰ কৰি লগে লগে ওচৰৰ এখন চিকিৎসালয়লৈ লৈ যায়।
সূত্ৰ অনুসৰি, আৰক্ষীয়ে তেওঁক চিকিৎসালয়লৈ নিয়াৰ পূৰ্বে মোদীৰ তীব্ৰ বিৰোধিতাৰে ‘দেশখন ৰক্ষা কৰক’ বুলি শ্ল’গান দিছিল।
ব্যক্তিগৰাকীক ৰোহিণীৰ বাসিন্দা ৰাজ কুমাৰ শৰ্মা বুলি চিনাক্ত কৰা হৈছে। বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ বুলি এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই সদৰী কৰে।
অৱশ্যে তেওঁ কিয় এইদৰে আত্মজাহৰ চেষ্টা কৰিছিল সেই বিষয়ে জানিব পৰা হোৱা নাই বুলি উল্লেখ কৰি বিষয়াগৰাকীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰা হৈছে বুলি জানিবলৈ দিয়ে।