NORTHEAST NOW (Assamese)

দিল্লীত ক’ৰ’না ক’ৰ’না বুলি কৈ উত্তৰ-পূবৰ যুৱতীৰ গালৈ পিকালে দুৰ্বৃত্তই

March 23, 2020 7:25 pm · এন ই নাও নিউজ
মণিপুৰী যুৱতী গৰাকী

উত্তৰ-পশ্চিম দিল্লীৰ মুখাৰ্জী নগৰ অঞ্চলত দেওবাৰে নিশা এগৰাকী ২৫ বৰ্ষীয় মণিপুৰী মহিলাক কৰ’না ভাইৰাছৰ প্ৰসংগলৈ বেয়া ব্যাৱহাৰ কৰা হয়।

ভূক্তভোগী মহিলাগৰাকীয়ে অভিযোগ কৰা মতে, দুচকীয়া বাহনত অহা অচিনাক্ত দুৰ্বৃত্তই তেওঁক কৰ’না কৰ’না বুলি চিঞৰী চিঞৰী গালৈ পিকাই দিয়ে।

উত্তৰ-পশ্চিম দিল্লীৰ ডিচিপি বিজয়ানন্দ আৰ্য্যই ঘটনা সন্দৰ্ভত এখন এজাহাৰ পঞ্জীয়ন কৰি দোষীক চিনাক্ত কৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কয়।

ভাৰতীয় দণ্ডাবিধি আইনৰ ৫০৯ ধাৰাৰ অধীনত মুখাৰ্জী নগৰ আৰক্ষী চকীত গোচৰ পঞ্জীয়ন কৰাৰ পাছত বৰ্তমান সমগ্ৰ অঞ্চলটোৰ চিচিটিভি ফুটেজ সমূহ পৰীক্ষা কৰি থকা হৈছে বুলি জানিব পৰা গৈছে।

আনহাতে, দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালেও মহিলা গৰাকীৰ গালৈ পিকাই যোৱা দুৰ্বিত্তৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে, চীনত আৰম্ভ হোৱা কৰ’না মহামাৰী ভাৰত বৰ্ষলৈও বিয়পি পৰিছে।

বৰ্তমানলৈ ভাৰতৰ উত্তৰ-পূবক বাদ দি প্ৰায়বোৰ ৰাজ্যতে কৰ’না ভাইৰাছত আক্ৰান্ত ৰোগী চিনাক্ত হৈছে।

Related News