কোভিড-১৯ ৰোগীৰ ফোন চুৰ কৰি কোৱাৰেন্টাইনত সোমাল চোৰ

theif-759

প্ৰতিনিধিত্বমূলক ফটো।

চিৰাং জিলাৰ কাজলগাঁও জেএছএছবি হাস্পাতলক আইছ’লেশ্যন ৱাৰ্ডৰ পৰা এগৰাকী কোভিড-১৯ ৰোগীৰ স্মাৰ্টফোন ‘চুৰ’ কৰা এজন ২২ বছৰীয়া যুৱকক আটক কৰি এখন হাস্পাতলত কোৱাৰেন্টাইন কৰা হৈছে।

অভিযুক্ত যুৱকজনক পাপ্পু বৰ্মন বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে বৰ্মনক হাস্পাতলখনৰ পৰা ১৫কিলোমিটাৰৰ আঁতৰৰ বেংতলৰ পৰা কৰায়ত্ত কৰে। হাস্পাতল কৰ্তৃপক্ষই তেওঁৰ স্বাবৰ নমুনা পৰীক্ষাৰ বাবে গ্ৰহণ কৰিছে আৰু পৰীক্ষাৰ ফলাফললৈ অপেক্ষা কৰা হৈছে।

হাস্পাতলখনৰ অধীক্ষক মনোজ দাসে সংবাদ মাধ্যমৰ আগত কয় যে কোনোৱে আইছ’লেশ্যন ৱাৰ্ডৰ ভিতৰত যোলাৰ সাহস কৰিব পাৰে বুলি আমি ভৱা নাছিলো।

যিজন লোকৰ মোবাইল চুৰি কৰা হৈছে তেওঁ এগৰাকী কোভিড ৰোগী আৰু সক্ৰিয় অৱস্থাত আছে।

অধীক্ষক দাসে লগতে জানিবলৈ দিয়া মতে কোভিড পৰীক্ষাৰ ফলাফল নহালৈকে অভিযুক্তক কঠোৰ নিৰীক্ষণত ৰখা হ’ব।

‘’কোভিড ৰোগীগৰাকী সক্ৰিয়া হৈ থকালৈ চাই মোবাইলটোৱে ভাইৰাছ বহন কৰিব পাৰে বুলি আমি শংকিত হৈছো,’’-অধীক্ষক দাসে লগতে কয়।

অভিযুক্তগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰালৈকে তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলৰ সন্দৰ্ভতো শংকা প্ৰকাশ কৰিছে কৰ্তৃপক্ষই।

চিৰাঙৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে কয় যে বৰ্মনক গ্ৰেপ্তাৰ কৰাৰ পাছত আৰক্ষীয়ে প্ৰশাসন তথা স্বাস্থ্য কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰিছিল।

আৰক্ষীয়ে চুৰি কৰা মোবাইলটো ট্ৰেকিং কৰি তথা হাস্পাতলৰ চিচিটিভি ফুটেজৰ পৰা সংগ্ৰহ কৰা তথ্যৰ আধাৰত বৰ্মনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।