NORTHEAST NOW (Assamese)

অৱশেষত গ্ৰেপ্তাৰ ছেইফ আলী খানক ছুৰীকাঘাত কৰা দুষ্কৃতিকাৰীঃ মুম্বাইতে থকা অপৰাধী বিচাৰি বহিঃৰাজ্য চলাথ আৰক্ষীৰ

January 19, 2025 9:01 am · এন ই নাও নিউজ, গুৱাহাটী

শনিবাৰে পুৱা মহাৰাষ্ট্ৰৰ থানেত বলীউডৰ অভিনেতা ছেইফ আলী খানক ঘৰত আক্ৰমণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হয় এজন লোক। ছেইফৰ বাসগৃহৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ নিলগত কাছাৰৱাদৱলীৰ হিৰণানন্দনী এষ্টেটৰ সমীপত আটক কৰে অভিযুক্ত মহম্মদ আলিয়ানক। আলিয়ানে ধৰা পৰাৰ ভয়ত নিজকে বিজয় দাস বুলি দাবী কৰি ভুৱা পৰিচয় দিছিল। তেওঁ থানেৰ এখন বাৰত হাউচকিপিং ষ্টাফ হিচাপে কাম কৰিছিল।

উল্লেখ্য যে, চলিত সপ্তাহৰ বৃহস্পতিবাৰে পুৱাৰ ভাগত ছেইফ আলী খানক তেওঁৰ বান্দ্ৰাৰ বাসগৃহত আক্ৰমণ কৰা হয়, যত তেওঁৰ ডিঙি আৰু মেৰুদণ্ডত আঘাত পোৱাকৈ একাধিকবাৰ ছুৰীৰে আঘাতপ্ৰাপ্ত হয়। ৫৪ বছৰীয়া অভিনেতাগৰাকীক ততাতৈয়াকৈ লীলাৱতী হাস্পতাললৈ লৈ যোৱাত তেওঁৰ মেৰুদণ্ডৰ পৰা ২.৫ ইঞ্চিৰ ব্লেডৰ টুকুৰা আঁতৰোৱাকে ধৰি জৰুৰী অস্ত্ৰোপচাৰ কৰা হয়। পাঁচ ঘণ্টীয়া অস্ত্ৰোপচাৰৰ পাছত তেওঁ সুস্থ হৈ উঠিছে বুলি চিকিৎসকে প্ৰকাশ কৰিছে।

এই আক্ৰমণৰ সৈতে জড়িত আন এজন সন্দেহযুক্ত লোকক মুম্বাইৰ ৩১ বছৰীয়া আকাশ কৈলাশ কান্নোজিয়া নামৰ এজন লোকক শনিবাৰে ছত্তীশগড়ৰ দুৰ্গ ৰেল ষ্টেচনত আটক কৰি ৰখা হয়। মুম্বাই-হাওৰা জ্ঞানেশ্বৰী এক্সপ্ৰেছত যাত্ৰাৰ সময়ত ৰেল সুৰক্ষা বাহিনীৰ সহায়ত মুম্বাই আৰক্ষীয়ে তেওঁক বিচাৰি উলিয়াবলৈ অভিযান আৰম্ভ কৰে। সন্দেহজনক লোকজনে টিকট অবিহনে যাত্ৰা কৰি থকা আাটক কৰে আৰু বৰ্তমান কৰ্তৃপক্ষই জেৰা অব্যাহত ৰাখিছে।

Related News