অহা ১৫ জুনৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব মানাহ ৰাষ্ট্ৰীয় উদ্যান

Mansa-1140x570

দেশ-বিদেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হিচাপে পৰিচিত ৰাজ্যখনৰ অন্যতম পৰ্যটনস্থলী মানাহ ৰাষ্ট্ৰীয় উদ্যানখন অহা ১৫ জুনৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব। উদ্যানখনৰ প্ৰকল্প সঞ্চালক আৰ এন বড়োই এক জাননী যোগে জানিবলৈ দিয়া অনুসৰি বাৰিষা কালৰ প্ৰতি লক্ষ্য ৰাখিয়েই কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

বাৰিষাকালত সম্ভাৱ্য বানপানীৰ লগতে ৰাস্তা-ঘাট আদি যাতায়তৰ বাবে সুচল হৈ নথকাৰ বাবে এনেদৰে পৰ্যটকৰ বাবে উদ্যানখন বন্ধ ৰখা হয়। অৱশ্যে, উদ্যানখন পুনৰ কেতিয়া পৰ্য্যটকৰ বাবে মুকলি কৰি দিয়া হব সেয়া উল্লেখ কৰা হোৱা নাই। পৰৱৰ্তী সময়ত এই বিষয়ে জাননীযোগে জনোৱা হ’ব বুলি সদৰী কৰা হৈছে।

উল্লেখযোগ্য যে যোৱা ২০১৮’ বৰ্ষৰ ১০ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছিল মানাহ ৰাষ্ট্ৰীয় উদ্যান। দেশ-বিদেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হিচাপে মানাহ ৰাষ্ট্ৰীয় উদ্যানে ইতিমধ্যে বিশেষ সঁহাৰি লাভ কৰি আহিছে।

আনহাতে, মানাহক প্রদূষণমুক্ত কৰি ৰখাৰ বাবে বন বিভাগে বিশেষ উদ্যোগ গ্রহণ কৰি আহিছে। যোৱা বছৰ উদ্যান কৰ্তৃপক্ষই পর্যটকসকলে উদ্যানখনৰ বাঁহবাৰীৰ প্ৰৱেশদ্বাৰ, কাহিটেমা বিট অফিচ, ভূঁয়াপাৰা ৰেঞ্জ অফিচ, ককিলাবাৰী আৰু পাণবাৰী ৰেঞ্জ অফিচৰ প্ৰৱেশ পথেৰে উদ্যানখনৰ ভিতৰত প্ৰৱেশ কৰাৰ ব্যৱস্থা কৰিছিল।

আনহাতে, বন বিভাগে উদ্যানখনৰ ভিতৰত বনভোজ খোৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰিছিল। বিভাগে উদ্যানখনক প্রদূষণমুক্ত কৰি ৰখাৰ উদ্দেশ্যে সকলো পর্যটককে উদ্যানখনৰ ভিতৰত প্ৰৱেশৰ সময়ত লগত নিয়া প্লাষ্টিক পেকেট, পানীৰ বটল আদিৰ তথ্য প্রৱেশ পথত দি যোৱাৰ নিয়ম বান্ধি দিছিল।

সেইদৰে পৰ্যটকসকলে উভতি আহোঁতে উক্ত সামগ্ৰীসমূহৰ খালী পেকেটসমূহ কর্তৃপক্ষৰ আগত প্ৰদৰ্শন কৰাৰ নিয়ম বান্ধি দিয়া হৈছিল। তদুপৰি, কোনো পর্যটকে উদ্যানখনৰ ভিতৰত প্লাষ্টিকৰ সামগ্রী এৰি থৈ আহিলে উদ্যানখনৰ আইন অনুসৰি জৰিমনা ভৰিব লাগিব বুলিও ঘোষণা কৰিছিল।

উল্লেখযোগ্য যে যোৱা বৰ্ষতো ৩০ জুনৰ পৰা সাধাৰণ পৰ্যটকৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যান বন্ধ ৰখা হৈছিল ।