NORTHEAST NOW (Assamese)

মণিপুৰত বিদ্ৰোহী সংগঠন জেলিয়াংগ্ৰঙ ইউনাইটেত ফ্ৰণ্ট(জেঞ্চুই) গোটৰ দুজন কেডাৰক আটক

September 19, 2021 11:03 am · এন ই নাও নিউজ

ভাৰতীয় সেনাৰ ‘স্পীয়েৰ কৰ্পচ্’ ৰ অন্তৰ্গত অসম ৰাইফলছৰ খৌপম বেটেলিয়নে জেলিয়াংগ্ৰঙ ইউনাইটেত ফ্ৰণ্ট(জেঞ্চুই) গোটৰ দুজন কেডাৰক আটক কৰিছে।

স্পীয়েৰ ক’ৰ্পচ্- ৰ দলটোৱে সদস্য দুজনৰ পৰা কিছুমান যুদ্ধত ব্যৱহৃত শক্তিশালী অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰে।

ছেপ্টেম্বৰৰ ১৮ তাৰিখ শনিবাৰে মণিপুৰৰ কাংপকবি গাঁৱৰ নুনগাঙ্গত বিদ্ৰোহী সংগঠনটোৰ সদস্য কেইজনক আটক কৰা হয়।

বৰ্তমান আটকাধীন উগ্ৰপন্থী দুজনক মণিপুৰ পুলিচৰ আৱেষ্টনীত ৰখা হৈছে।

উল্লেখ্য যে, শনিবাৰে ভাৰতীয় সেনাৰ ‘স্পীয়েৰ ক’ৰ্পচ্’ ৰ বিভাগীয় টুইটাৰ একাউণ্টৰ পৰা টুইট যোগে এই খবৰটো জানিবলৈ দিয়ে।

Related News