• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

প্ৰসঙ্গঃ মণিপুৰৰ সংঘাত : ৰাজনৈতিক সমাধানৰ প্ৰয়োজন

মাধুৰ্য বৰুৱা by মাধুৰ্য বৰুৱা
May 16, 2023 4:43 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰ ৰাজ্যখনৰ ভৌগোলিক চিত্ৰখন এখন ষ্টেডিয়ামৰ দৰে৷ চাৰিওফালে ওখ গেলেৰীবোৰ যেন পাহাৰ আৰু আনফালে খেলপথাৰৰ অনুৰূপ এক সমতল। ৯০% পাহাৰত নাগা-কুকি আৰু ১০% সমতলত মেইটেইসকল বসবাস কৰে৷ মেইটেইসকলৰ জনসংখ্যা প্ৰায় ৬৩% আৰু নাগা-কুকিৰ জনসংখ্যা ৩৩%৷ ক্ষুদ্ৰ শতাংশ অন্যান্য জাতি-জনগোষ্ঠীৰ লোক মণিপুৰত বসবাস কৰে৷

মেইটেইসকলে দাবী কৰা মতে তেওঁলোকৰ ৰজাসকলে শ-শ বছৰ জুৰি মণিপুৰত ৰাজত্ব কৰি আহিছিল। পাহাৰৰ নাগা-কুকিসকলৰ লগত তেওঁলোকৰ যেনেদৰে বহু শ-শ বছৰ জোৰা সংঘাত আৰু সংঘৰ্ষৰ ইতিহাস আছে, একেদৰে আছে সমন্বয়ৰ আৰু শান্তি-চুক্তিৰ ইতিহাস। তেওঁলোকৰ যোগেদি ম্যানমাৰৰ লগত হোৱা ব্যৱসায়-বাণিজ্যৰ ইতিহাস, বহিঃশত্ৰুৱে আক্ৰমণ কৰিলে সকলো সংগবদ্ধ হৈ মণিপুৰ ৰক্ষাৰ হকে কৰা যুদ্ধৰ আছে বহু ইতিহাস। কিন্তু সংখ্যাগৰিষ্ঠ মেইটেইসকলে নাগা-কুকিসকলৰ ওপৰত বলপূৰ্ব্বকভাৱে নিজৰ ভাষা-সংস্কৃতি, ধৰ্ম জাপি দিব বিচৰাৰো আছে অন্য এক ইতিহাস। উল্লেখযোগ্য যে, বৰ্ত্তমান সময়ত মেইটেইসকল হিন্দু ধৰ্মাৱলম্বী হোৱাৰ বিপৰীতে নাগা-কুকিসকল খ্ৰীষ্টান ধৰ্মাৱলম্বী। কিন্তু নাগা-কুকিৰ মাজতো সংঘাত-সংঘৰ্ষৰ ইতিহাস আছে।

প্ৰায় দুশ বছৰৰ পূৰ্বে তেতিয়াৰ বাৰ্মা তথা বৰ্ত্তমানৰ ম্যানমাৰৰ ৰজাই মণিপুৰ দখল কৰি লয়৷ এয়া ১৮-১৯শ শতিকাৰ কথা৷ উল্লেখযোগ্য যে, সেই সময়ত বাৰ্মাৰ ৰজাই অসমো অধিকাৰ কৰি লৈছিল। যাক আমি মানৰ আক্ৰমণ নামে জানো৷ ১৮২৬ চনৰ এংলো-বাৰ্মা যুদ্ধৰ দ্বাৰা ইংৰাজৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমৰ লগতে মণিপুৰো অধিকাৰ কৰি লয়৷ কোম্পানীয়ে মেইটেইৰ ৰজাক কৰতলীয়া ৰজাৰ মৰ্যদা প্ৰদান কৰিছিল। ১৮৩৫ চনত নিযুক্ত কোম্পানীৰ পলিটিকেল এজেণ্টৰ নীতি-নিৰ্দেশনানুসৰি মণিপুৰ শাসিত হৈছিল৷ স্বাভাৱিকতেই ৰজাৰ কোনো অধিকাৰ নাছিল৷

ইংৰাজেই শিক্ষা, বাণিজ্য, যাতায়ত আদিত সুবিধাযুক্ত সমতল অংশত মেইটেই আৰু দূৰ্গম পাহাৰৰ অংশ নাগা-কুকিৰ অধিকাৰ নিৰ্ণয় কৰি দিয়ে। এনেদৰেই ১৯৪৭ চনৰ ভাৰতৰ লগতে মণিপুৰৰো স্বাধীনতাৰ সময় আহি পৰেহি৷

মণিপুৰৰ সভ্যতা আৰু সংস্কৃতিৰ ক্ষেত্ৰত বিহংগমৰ দৃষ্টিৰে দৃষ্টিপাতৰ প্ৰয়োজন। মেইটেইসকলে অতীতত পুইয়াচ লিপি ব্যৱহাৰ কৰিছিল। সাঁচিপাতৰ এনে পুথিত চিকিৎসা, জ্যোতিষ, ধৰ্ম, লোককথা, ৰাজনীতি আদিৰ বৰ্ণনা পোৱা যায়৷ বৰ্ত্তমান মণিপুৰীসকলৰ মৈতেলান সংবিধান স্বীকৃত আঞ্চলিক ভাষাৰ লিপি ব্যৱহৃত হয় বাঙালী৷ যাৰ বাবে নাগা-কুকিসকল অসন্তুষ্ট। তেওঁলোকৰ মতে ইংৰাজী হ’লে অধিক সুবিধা হ’লহেঁতেন। মেইটেইসকলে প্ৰভাৱ বিস্তাৰ কৰা মণিপুৰত ১৯৮০ চনত বাঙালী লিপিৰে মৈতেলান ভাষা দশম শ্ৰেণী পৰ্যন্ত বাধ্যতামূলক কৰাত অসন্তুষ্টি অধিক বৃদ্ধি পায়৷

মেইটেইসকলৰ অভিযোগ অনুসৰি কুকি জনগোষ্ঠীৰ বৃহৎ সংখ্যক লোক বাংলাদেশৰ পাহাৰীয় চটাগং অঞ্চল আৰু ম্যানমাৰৰ আৰাকান অঞ্চলৰ পৰা তাৰ ৰাজনৈতিক পৰিস্থিতিৰ বাবে ব্যাপক অনুপ্ৰৱেশ হৈছে ৰাজ্যখনৰ পাহাৰীয়া অঞ্চলসমূহলৈ৷ চুবুৰীয়া মিজোৰামে একে জনগোষ্ঠীৰ হোৱাৰ বাবে ৰঙা-দলিচাৰে আদৰিছে ৰাজ্যখনলৈ৷ এই সন্দৰ্ভত পৰৱৰ্তী প্ৰৱন্ধত উল্লেখ কৰা হ’ব। মেইটেইসকলৰ মতে বিগত ৫০টা বছৰত তেওঁলোকৰ জনসংখ্যা ৫৯% ৰ পৰা ৪৪% লৈ হ্ৰাস পাইছে। একেসময়তে কুকিসকলৰ ৯৬৬ খন নতুন গাঁও পাহাৰত স্থাপিত হৈছে। তাৰে ৩০৮ খন কংগকপল, ২৮১ খন চুড়াচান্দপদুৰ আৰু ২০৫ খন চান্দেলত। এইয়াও মেইটেইসকলৰ ভয়ৰ কাৰণ৷ তেওঁলোকৰ মতে জনজাতিৰ মৰ্যদাৰে কিয় নিজ ৰাজ্যখনৰে পাহাৰ অঞ্চলত মাটি কিনিব নোৱাৰিব তেওঁলোকে৷ অবৈধ অনুপ্ৰৱেশকাৰীৰ গাঁও স্থাপনৰ বিৰোধী মেইটেইসকল।

ৰাজ্যখনৰ পাহাৰত কুকিসকলে পপীফুলৰ খেতি কৰে৷ অত্যন্ত লাভজনক এই ফুলৰ পৰা ড্ৰাগছ প্ৰস্তুত কৰা হয়৷ কিন্তু বৰ্ত্তমানৰ চৰকাৰখনে অৰণ্য সুৰক্ষাৰ নামত বহু গাঁও বুলডজাৰ চলাই উচ্ছেদ কৰাৰ লগতে বিগত ৫টা বছৰত ১৪৩০৫ একৰ মাটিত পপীফুলৰ খেতি ধ্বংস কৰে৷ এনে কাৰ্যই কুকিসকলক ব্যাপক ৰূপত আৰ্থিক ক্ষতি কৰে৷ তদুপৰি অবৈধভাৱে নিৰ্মিত বহু গীৰ্জা ভাঙি পেলোৱা কাৰ্যয়ো নাগা-কুকিসকলক ব্যাপক অসন্তুষ্ট কৰি তুলিছিল৷ পপীফুলৰ খেতি ধ্বংস কৰিলে হয়, কিন্তু আৰ্থিক উপাৰ্জনৰ অন্য কোনো বিকল্প চৰকাৰে কুকিসকলক প্ৰদান নকৰিলে৷ পপীফুলৰ খেতিৰ পৰা ৰাজ্যখনৰ সশস্ত্ৰ সংগঠনবোৰৰো আৰ্থিক লাভালাভ হয়। যাৰ বাবে এই সংগঠবোৰেও চৰকাৰৰ বিৰুদ্ধে সুযোগৰ অপেক্ষাত আছিল। উল্লেখযোগ্য যে, পাহাৰৰ জনগোষ্ঠীসমূহৰ মাটিৰ কাগজ-পত্ৰ তেনেকৈ নাথাকে৷ জুমখেতিৰ ওপৰত নিৰ্ভৰশীল এই জনগোষ্ঠীসমূহক বৰ্ত্তমান চৰকাৰৰ অৰণ্য সুৰক্ষা নীতিয়েও ব্যাপক ক্ষতি কৰিলে।

এই মাহৰ আৰম্ভণিতে উচ্চ ন্যায়ালয়ৰ মেইটেই জনগোষ্ঠীক জনজাতীয় (ST)ৰ সাংবিধানিক মৰ্যদা প্ৰদান সম্বন্ধীয় ৰায়টোৱে কুকিসকলক অধিক উত্তেজিত কৰি তুলে৷ মুখ্যমন্ত্ৰী এন. বিৰেণ সিঙে নাগা-কুকি অধ্যুষিত চূড়াচান্দপুৰত এটা অত্যাধুনিক জিম্‌ উদ্বোধন কৰিবলৈ গৈছিল। উত্তেজিত জনতাই জিমটোও ভাঙে আৰু মুখ্যমন্ত্ৰীৰ সভাস্থলীৰ মঞ্চ-মণ্ডপতো অগ্নিসংযোগ কৰে৷ নাগা, কুকি, মেইটেই এই তিনিও জনগোষ্ঠীৰে যিহেতু সশস্ত্ৰ সংগঠন যেনে নাগাৰ এন এচ চি এন, কুকিৰ কুকি নেচনেল আৰ্মি, কুকি কামাণ্ডো ফৰ্চ ইত্যাদি, একেদৰে মেইটেই হডনাহঢে৬ড নেচনেল লবাৰেচন ফ্ৰণ্ট আদিৰ সশস্ত্ৰ কেডাৰবোৰে জনতাৰ আঁৰলৈ এ.কে. ৪৭, এম ১৬ ৰাইফল, এম. ৪ কাৰ্বাইন আদি ব্যৱহাৰ কৰি পৰিস্থিতি অধিক জটিল কৰি তোলে৷

সান্ধ্য আইন, ইণ্টাৰনেট সেৱা বন্ধ, সেনা বাহিনীৰ ক্লেগমাৰ্চ আদিয়ে বৰ্ত্তমান পৰিস্থিতি কিছু শান্ত হৈছে যদিও জনগোষ্ঠীৰ সংঘাতৰ সমাধানৰ বাবে কেন্দ্ৰ-ৰাজ্যৰ পৰা ব্যাপক ৰাজনৈতিক তৎপৰতাৰ প্ৰয়োজন৷

 

লেখকৰ  ঠিকনা, জ্যোতিনগৰ, মাকুম, ম’বাইল – ৯৪০১১০১৭০৪

মাধুৰ্য বৰুৱা

মাধুৰ্য বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

September 15, 2025 6:31 pm
অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

September 15, 2025 5:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd