ইণ্ডোনেছিয়াৰ বিৰুদ্ধে খেলিবলৈ সাজু মণিপুৰৰ মহিলা ফুটবলাৰ ৰঞ্জনা চানু

ranjana-chanu

টুইটাৰৰ পৰা সংগৃহীত ফুটবলাৰ এছ ৰঞ্জনা চানুৰ ছবি

মণিপুৰৰ ক্ৰীড়া ক্ষেত্ৰলৈ আন এক সুখবৰ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে প্ৰতিভাৱান ফুটবলাৰ এছ ৰঞ্জনা চানুৱে। অসম ৰাইফলছৰ হৈ খেলা এইগৰাকী খেলুৱৈ পুনৰ ভাৰতীয় মহিলা ফুটবল দললৈ নিৰ্বাচিত হৈছে। চানুৱে ইণ্ডোনেছিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব লগীয়া এখন খেলত অৱতীৰ্ণ হ’ব।

ভাৰতীয় দললৈ নিৰ্বাচিত হোৱা চানুৰ খবৰটো টুইটযোগে জনায় অসম ৰাইফলছে।

‘আছাম ৰাইফলছৰ ৰঞ্জনা চানু ভাৰতীয় মহিলা ফুটবল দললৈ নিৰ্বাচিত হৈছে। ইণ্ডোনেছিয়াৰ বিৰুদ্ধে খেলিবলগীয়া মেচখনৰ বাবেই তেওঁক দলত অন্তৰ্ভুক্ত কৰা হৈছে। এইখিনিতে উল্লেখ কৰি থোৱা ভাল যে অ’লিম্পিকৰ কোৱালিফায়াৰ মেচত নিৰ্বাচিত হোৱাৰ বাবে ভাৰতীয় মহিলা ফুটবল দলটোৱে নিজকে সাজু কৰি তুলিছে’।

উল্লেখ্য যে চানুৱে ইয়াৰ পূৰ্বে ম্যানমাৰত অনুষ্ঠিত হোৱা এ এফ চি উইমেনছ অলিম্পিকছ কোৱালিফায়িং টুৰ্নামেণ্টৰ প্ৰথম ৰাউণ্ডত ভাৰতীয় দলৰ হৈ অংশ লৈছিল।

ভাৰতীয় মহিলা দলটোৱে যোৱা বছৰ শেষৰ ফালে ম্যানমাৰৰ বিৰুদ্ধে খেলা মেচখনত ২-১ৰ ব্যৱধানত পৰাস্ত হোৱাৰ পাছতো ভাৰতে প্ৰথমবাৰলৈ অলিম্পিক কোৱালিফায়াৰ্ছৰ দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হয়। ভাৰতীয় দলটোৱে অহা বৰ্ষৰ এপ্ৰিল মাহত জাপানত অনুষ্ঠিত হ’ব লগীয়া অলিম্পিক কোৱালিফায়াৰ্ছৰ দ্বিতীয় ৰাউণ্ডৰ খেলত অংশগ্ৰহণ কৰিব।