গুৱাহাটীত ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত মণিপুৰৰ যুৱক, জব্দ ২২৫৬টা বটল 

গুৱাহাটী মহানগৰ আৰক্ষীয়ে শুকুৰবাৰে নিশা দক্ষিণ গাঁও অঞ্চলৰ এন ই এফ আইন মহাবিদ্যালয়ৰ সমীপত বৃহৎ পৰিমাণৰ ফেনচিডাইল কাহ চিৰাপৰ বটল জব্দ কৰে।

নিৰ্দিষ্ট তথ্যৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে চলোৱা অভিযানত ২২৫৬টা বটল জব্দ কৰা হয়। এই ঘটনা সৈতে জড়িত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম হাফিজুদ্দিন বুলি জানিব পৰা গৈছে।

সূত্ৰসমূহে জনোৱা মতে, আৰক্ষীয়ে আটক কৰা ‘এ এছ-০১-ডি ডি-৭৭৯৯’ নম্বৰৰ এখন বাহনৰ পৰা এই অবৈধ সামগ্ৰী জব্দ কৰা হৈছে। জানিব পৰা মতে, মণিপুৰৰ পৰা এই নিচাযুক্ত দ্ৰব্য কঢ়িয়াই অনা হৈছিল।

জব্দ কৰা নিষিদ্ধ সামগ্ৰীৰ আনুমানিক ব্যয় কেইবালাখ বুলি জানিব পৰা গৈছে। অধিক তথ্যৰ বাবে তদন্ত চলাই আছে মহানগৰী আৰক্ষীয়ে।

উল্লেখ্য যে, যোৱা মাহতো গুৱাহাটী ৰে’লৱে ষ্টেচনত ৰে’ল সুৰক্ষা বাহিনীৰ অপৰাধ চোৰাংচোৱা শাখাই ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছৰ পৰা প্ৰায় ৯০০ বটল কাহ চিৰাপৰ বটল জব্দ কৰিছিল।