উত্তপ্ত মণিপুৰত গুলীয়াই হত্যা আৰক্ষী বিষয়াক: বিদ্ৰোহীৰ এম্বুছত আহত তিনি কমাণ্ডো

আক্ৰমণত কুকি বিদ্ৰোহী গোট জড়িত থকাৰ সন্দেহ

Manipur

পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ। ৰাজ্যখনৰ হিংসাজৰ্জৰ পৰিস্থিতিৰ সাময়িক উপশম ঘটিছিল যদিও কালি পুনৰ হিংসাই জোকাৰি তোলে। বিদ্ৰোহী গোটৰ আক্ৰমণত মঙলবাৰে ৰাজ্যখনত নিহত হয় এগৰাকী আৰক্ষী বিষয়া।

লগতে এই হত্যাকাণ্ডৰ পিছতে সীমান্তৰ এক অঞ্চললৈ প্ৰেৰণ কৰা মণিপুৰ আৰক্ষীৰ কমাণ্ডোৰ এটা দলক যাত্ৰাপথতে সন্দেহযুক্ত বিদ্ৰোহীয়ে এম্বুছ চলোৱাৰ ফলত তিনিগৰাকী কমাণ্ডো আহত হয়।

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে, এই আক্ৰমণৰ পিছতে আছাম ৰাইফলছৰ সৈন্যই এম্বুছ স্থলীত উপস্থিত হৈ আৰক্ষীৰ কমাণ্ডো দলটোক উদ্ধাৰ কৰে। আহত জোৱান কেইজনক চিকিৎসালয়লৈ লৈ যোৱা হয় বুলি লগতে সদৰী কৰা হৈছে।

ইফালে এই ঘটনাৰাজিক লৈ আন এক অভিযোগো উত্থাপন হৈছে। কুকি নাগৰিক সমাজৰ গোটসমূহৰ অভিযোগ, আৰক্ষী কমাণ্ডোৱে নিৰ্বিচাৰে বল প্ৰয়োগ কৰাৰ ফলশ্ৰুতিত কুকি গাঁৱৰ স্বেচ্ছাসেৱকসকলে প্ৰতিশোধমূলকভাৱে গুলীচালনা কৰে।

মণিপুৰ চৰকাৰে সাধাৰণ নাগৰিকক হাৰাশাস্তি কৰিবলৈ মৰেহত ৰাজ্যিক বাহিনী মোতায়েন কৰাৰ অভিযোগ উত্থাপন কৰি চহৰখনৰ পৰা আৰক্ষী প্ৰত্যাহাৰ কৰিবলৈ কেন্দ্ৰক দাবী জনাইছে কুকি নাগৰিক সমাজৰ গোটসমূহে।

উল্লেখ্য যে, ৰাজ্যৰ ৰাজধানী ইম্ফলৰ পৰা প্ৰায় ১১৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী বাণিজ্যিক চহৰ টেংগনৌপালৰ মৰেহত কালি সন্দেহযুক্ত বিদ্ৰোহীৰ গুলীত আৰক্ষী বিষয়াজনৰ মৃত্যু হৈছিল।

নিহত বিষয়াগৰাকীক চিংথাম আনন্দ বুলি চিনাক্ত কৰা হৈছে। হেলিপেড নিৰ্মাণৰ তদাৰক কৰি থকা অৱস্থাত সন্দেহযুক্ত বিদ্ৰোহী স্নাইপাৰে গুলীয়াই হত্যা কৰিছিল জ্যেষ্ঠ আৰক্ষী বিষয়াগৰাকীক।

আৰক্ষী বিষয়াজনক হত্যা কৰা সন্দেহযুক্ত বিদ্ৰোহী গোটৰ বিৰুদ্ধে অভিযানৰ উদ্দেশ্যে মণিপুৰ আৰক্ষীৰ কমাণ্ডো বাহিনীক মৰেহলৈ প্ৰেৰণ কৰে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছিল।

লক্ষণীয়ভাৱে ৩ মে’ত উদ্ভৱ হোৱা হিংসাত্মক পৰিস্থিতিৰ পিছৰে পৰা মৰেহত নিয়োজিত হৈ আছে মণিপুৰ আৰক্ষীৰ কমাণ্ডোৰ এটা সৰু দল। এতিয়া এই দলটোৰ লগতে সীমান্ত নিৰাপত্তা বাহিনী আৰু অতিৰিক্ত আৰক্ষী জোৱানক মোতায়েন কৰা হৈছে।

সেনাৰ স্থানান্তৰ সহজ কৰি তোলাৰ লক্ষ্যৰে চহৰখনত ৰাজ্য চৰকাৰ আৰু বি এছ এফে যৌথভাৱে নিৰ্মাণ কৰিছে নতুন হেলিপেড।

আনহাতে মণিপুৰ চৰকাৰে মৰেহলৈ আৰক্ষী পঠিয়াই কুকি সাধাৰণ নাগৰিকৰ বিৰুদ্ধে নিৰ্বিচাৰ অভিযান আৰম্ভ কৰাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰি কুকি নাগৰিক সমাজৰ গোটসমূহে তীব্ৰ গৰিহণা দিছে।