কাৰ্যালয়ৰ ভিতৰতে নিজকে গুলীয়ালে শীৰ্ষ আৰক্ষী বিষয়াই

arvind-kumar-750x375

কাৰ্যালয়ৰ ভিতৰতে ভাৰতীয় আৰক্ষী সেৱাৰ এগৰাকী শীৰ্ষ বিষয়াই নিজৰ ছাৰ্ভিচ পিস্টলেৰে নিজকে গুলীওৱাৰ ঘটনাই শনিবাৰে বিয়লি মণিপুৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আজি বিয়লি মণিপুৰৰ ইম্ফলত মণিপুৰ আৰক্ষীৰ আইন শৃঙ্খলা বিভাগৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান অৰবিন্দ কুমাৰে নিজৰ ছাৰ্ভিচি পিস্টলেৰে নিজকে গুলীয়ায়।

মণিপুৰ ৰাইফলছৰ কাৰ্যালয়ত সংঘটিত এই ঘটনাত গুৰুতৰ ভাবে আহত আৰক্ষী বিষয়া গৰাকীক ততাতৈয়াকৈ ইম্ফলৰ ৰাজ মেডি চিটি হস্পিতাললৈ লৈ যোৱা হয়।

চিকিৎসকে আৰক্ষী বিষয়া গৰাকীৰ অৱস্থা অতি সংকটজনক বুলি প্ৰকাশ কৰিছে।

ঘটনাৰ খবৰ পোৱাৰ পিছতে মণিপুৰৰ মুখ্য সচিব জে সুৰেশ বাবুৰ লগতে আন বহু লোকে চিকিৎসালয়লৈ যায় আৰু কুমাৰৰ স্বাস্থ্যৰ বুজ লয়।

মুখ্য সচিব বাবুৱে প্ৰকাশ কৰা অনুসৰি অৰবিন্দ কুমাৰে বৰ্তমান চিকিৎসকৰ সৈতে কথা পাতিছে যদিও তেওঁ বিপদ মুক্ত ন’হয়।

তেওঁ কিছু সুস্থ হ’লেই উন্নত চিকিৎসাৰ বাবে তেওঁক নতুন দিল্লীলৈ প্ৰেৰণ কৰা হ’ব বুলি বাবুৱে প্ৰকাশ কৰে।

১৯৯২ বেটছৰ মণিপুৰ কেডাৰৰ আৰক্ষী বিষয়া গৰাকীয়ে কিয় নিজকে গুলীয়ালে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।