কাৰামুক্ত হোৱাৰ আশাভংগ! এইবাৰ এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে গ্ৰেপ্তাৰ কৰিলে চিছ’দিয়াক

Sisodia Arrested By ED

কাৰামুক্ত হোৱাৰ পথত আন এক বাধাৰ সম্মুখীন হৈছে আপ নেতা মনীষ চিছ’দিয়া। এইবাৰ দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীগৰাকীৰ হেঙাৰ হৈছে আন এক কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেট। দিল্লীৰ সুৰা নীতিৰ কেলেংকাৰী গোচৰত চিবিআই-ৰ পিছত চিছ’দিয়াক আজি গ্ৰেপ্তাৰ কৰিছে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে।

চিবিআই- এ গ্ৰেপ্তাৰ কৰাৰ পিছত বৰ্তমান তিহাৰ কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা মনীষ চিছ’দিয়াই দাখিল কৰা জামিন আবেদনৰ কাইলৈ শুনানি গ্ৰহণৰ বাবে চিবিআইৰ আদালতে ধাৰ্য কৰিছিল। শুনানিৰ এদিন পূৰ্বে আজি চিছ’দিয়াক এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে গ্ৰেপ্তাৰ কৰাৰ পিছত চিছ’দিয়াৰ জামিন প্ৰায় অসম্ভৱ হৈ পৰিছে।

দিল্লীৰ নতুন সুৰা নীতিত ধন সৰবৰাহৰ অভিযোগত যোৱা দুদিন ধৰি দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীগৰাকীক জেৰা চলাইছে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে। দুদিনীয়া জেৰাৰ পিছত অৱশেষত আজি বিয়লি কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে চিছ’দিয়াক গ্ৰেপ্তাৰ কৰে।

লক্ষণীয়ভাৱে বিগত ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে সুৰা নীতিত বিত্তীয় অনিয়মৰ তদন্ত কৰি থকা এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে দাখিল কৰা চাৰ্জশ্বীটত নাম উল্লেখ নাছিল মনীষ চিছ’দিয়াৰ। অৱশ্যে তদন্তকাৰী সংস্থাটোৱে বিষয়টোৰ ওপৰত অধিক তদন্ত অব্যাহত আছে বুলি আদালতত উল্লেখ কৰিছিল।

চাৰ্জশ্বীটত ইডিয়ে লগতে দিল্লীৰ শাসকীয় আম আদমী পাৰ্টিয়ে সুৰা কেলেংকাৰিৰ পৰা আহৰণ কৰা বৃহৎ পৰিমাণৰ গোৱাত নিৰ্বাচনী প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিছিল বুলি উল্লেখ কৰিছিল।