ভাৰতীয় চলচ্চিত্ৰ জগতৰ সাম্প্ৰতিক সময়ৰ শ্ৰেষ্ঠ অভিনেতাসকলৰ নাম ল’লে হয়তো প্ৰথমৰ ফালেই আহিব তাৰকা অভিনেতা মনোজ বাজপেয়ীৰ নাম। যিকোনো চৰিত্ৰকে নিখুঁত অভিনয়েৰে ফুটাই তুলি দৰ্শকৰ মনত সাঁচ বহুওৱাত সদা সক্ষম মনোজ বাজপেয়ী।
কিন্তু অভিনয়ৰ বলত দৰ্শকৰ মনত এই স্থান পাবলৈ সক্ষম হোৱা মনোজ বাজপেয়ীয়ে এসময়ত ভাবিছিল আত্মহত্যাৰ কথা! খোদ নিজ মুখেৰেই মনোজ বাজপেয়ীয়ে এই কথা স্বীকাৰ কৰিছে।
কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (KIFF 2023)ত মনোজ বাজপেয়ীয়ে এই বিস্ফোৰক মন্তব্য কৰে। চলচ্চিত্ৰ জগতৰ এনে এগৰাকী মহাতাৰকা, ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেতাগৰাকীৰ মনলৈ এনে চিন্তা কিয় আহিছিল?
এই বিষয়েও মনোজ বাজপেয়ীয়ে প্ৰকাশ কৰে অনুষ্ঠানটোত। তেওঁ উল্লেখ কৰা মতে, তেওঁৰ সপোন আছিল নেচনেল স্কুল অৱ ড্ৰামাত পঢ়ি অভিনেতা হোৱা। কিন্তু প্ৰথম প্ৰৱেশ পৰীক্ষাত তেওঁ ব্যৰ্থ হয়।
এই ব্যৰ্থতাৰ বাবেই মনোজ বাজপেয়ীৰ মনলৈ আহিছিল আত্মহত্যাৰ চিন্তা। তেওঁ লগতে জানিবলৈ দিয়া মতে, সেই সময়ত পৰিস্থিতি এনেকুৱা হৈ পৰিছিল যে, তেওঁ ঘৰলৈও উভতি যাব পৰা নাছিল।
মনোজ বাজপেয়ীৰ লক্ষ্য আছিল কেৱল অভিনেতা হোৱা। ইয়াৰ বাদে তেওঁৰ হাতত নাছিল আন কোনো বিকল্প। মাত্ৰ অভিনেতা হোৱাৰ লক্ষ্যৰেই আগবাঢ়িছিল তেওঁ। সেয়ে প্ৰথমবাৰ বিফল হৈ তেওঁ ভাঙি পৰে।
প্ৰথমবাৰৰ বিফলতাৰ পাছত প্ৰায় এমাহ ধৰি বন্ধুবৰ্গই তেওঁৰ দায়িত্ব লোৱা বুলি স্বীকাৰ কৰে মনোজ বাজপেয়ীয়ে। বিশাদবোধত ভাঙি পৰা মনোজক বন্ধুবৰ্গয়েই সেই সময়ত এটা বিখ্যাত নাট্যদলৰ ৩৬৫ দিনীয়া কৰ্মশালালৈ পঠিয়াই দিয়ে।
ইয়াৰ পিছতে জীৱনৰ ব্যৰ্থতাৰ দিনৰ কথাবোৰ সম্পূৰ্ণৰূপে পাহৰি পেলায় মনোজ বাজপেয়ীয়ে আৰু তাৰ পিছতে নিজকে প্ৰতিষ্ঠা কৰে ভাৰতীয় চলচ্চিত্ৰ জগতৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ অভিনেতা হিচাপে।