NORTHEAST NOW (Assamese)

ছত্তীশগড়ত আন এক বৃহৎ অভিযান : সেনাৰ গুলীত নিহত নিহত মাওবাদী নেত্ৰী

June 20, 2025 2:26 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী

ছত্তীশগড়ত চলি আছে সেনা-আৰক্ষীৰ মাওবাদ নিশেষ অভিযান। এই অভিযানত শুকুৰবাৰে সেনা-আৰক্ষীৰ গুলীত নিহত হয় এগৰাকী মাওবাদী নেত্ৰীৰ। ছত্তীশগড়ৰ কাংকেৰ জিলাত চলোৱা অভিযানত বিদ্ৰোহী নেত্ৰীগৰাকীৰ মৃত্যু হয়।

উল্লেখ্য যে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা কেৱল বাষ্টাৰ অঞ্চলত ২১৩টা মাওবাদীক হত্যা কৰা হৈছে।

আৰক্ষীয়ে জনোৱা মতে, গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰাৰ পিছত ডি আৰ জি, বি এছ এফ আৰু আৰক্ষীৰ যুটীয়া নিৰাপত্তা বাহিনীয়ে ছোটাবেঠিয়া থানা এলেকাত অভিযান আৰম্ভ কৰে।

তথ্য অনুসৰি কাত্ৰী নদীৰ পাৰৰ জংঘলেৰে আবৃত আমাতোলা আৰু কলপাৰ গাঁৱত মাওবাদীৰ এটা দল আত্মগোপন কৰি আছিল। সেই অনুসৰি অঞ্চলটোৰ চাৰিওফালে তালাচী আৰম্ভ কৰা হয়। পিছুৱাই যাবলৈ ঠাই নথকাৰ বাবে মাওবাদীয়ে গছৰ আঁৰত লুকাই নিৰাপত্তা বাহিনীৰ ওপৰত গুলীচালনা কৰিবলৈ ধৰিলে। সেনা বাহিনীয়েও প্ৰতিশোধ লয়।

দুয়োপক্ষৰ মাজত হোৱা বন্দুকৰ যুঁজৰ অন্তত অৱশেষত এগৰাকী মহিলা মাওবাদী নেত্ৰী নিহত হয়। ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ।

মন কৰিবলগীয়া যে গৃহমন্ত্ৰী অমিত শ্বাহে ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত ভাৰতক মাওবাদৰ পৰা মুক্ত কৰাৰ বাৰ্তা দিছে। সেয়েহে, মাওবাদী বিৰোধী অভিযানে চত্তীশগড়, অন্ধ্ৰপ্ৰদেশ, আৰু ঝাৰখণ্ড আদি ৰাজ্যত তীব্ৰ গতি লাভ কৰিছে।

চোৰাংচোৱাৰ তথ্য অনুসৰি ছত্তীশগড়-তেলেংগানা সীমান্তৰ কাৰেগুটা পাহাৰীয়া অঞ্চল বৰ্তমান মাওবাদীৰ অন্যতম দুৰ্গ। এই অঞ্চলৰ পৰা মাওবাদৰ শিপা উভালি পেলাবলৈ প্ৰায় ৩ হাজাৰ অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে।

২১ এপ্ৰিলৰ পৰা সেই অঞ্চলত আৰম্ভ হৈছিল এই অভিযান। ইয়াৰ লগতে দেশৰ বাকী অংশত নিৰাপত্তা বাহিনীয়ে অবিৰতভাৱে অভিযান চলাই আছে।

Related News