• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছত বৃহৎ গৰাখহনীয়া; মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কমিটিৰ সভাপতিৰ পদত্যাগক লৈ ৰহস্য

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
November 3, 2019 9:20 pm
BasuDev Chtry

বাসুদেৱ ছেত্ৰী। ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ সমষ্টি সমূহৰ অন্যতম মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত কংগ্ৰেছৰ সাংগনঠিক ভেটি দুৰ্বল হৈ পৰাত চিন্তিত হৈ পৰিছে প্ৰদেশ কংগ্ৰেছ কমিটি।

যোৱা তিনি বছৰত অনুষ্ঠিত হোৱা নগৰ সমিতি, পঞ্চায়ত আৰু লোকসভা নিৰ্বাচন সমূহত দলটোৰ শোচনীয় প্ৰদৰ্শনত অসন্তুষ্টি প্ৰকাশ কৰি ইতিমধ্যে বুজন সংখ্যক দলীয় নেতা-কৰ্মীয়ে এৰিছে দল।

২০১৬ চনত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত তিনিচুকীয়া জিলাৰ ১২৪ নং মাৰ্ঘেৰিটা বিধান সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈৰ পৰাজয়ৰ পাছৰে পৰা সমষ্টিটোত সাংগঠনিক ভেটি যথেষ্ট পৰিমানে দুৰ্বল হৈ পৰিছে।

দলৰ বিপৰ্যৰ সময়ত মাৰ্ঘেৰিটা ব্ল’ক কংগ্ৰেছ কমিটিৰ সভাপতি বাসুদেৱ ছেত্ৰীয়ে পদবীৰ পৰা পদত্যাগ কৰাত একাংশ তৃণমূল কৰ্মীৰ মাজত এতিয়া বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

১ নবেম্বৰত বিষয়বাবৰ পৰা অব্যাহতি বিচাৰি পদত্যাগ পত্ৰ দাখিল কৰা ছেত্ৰীৰ পৰা এই সম্পৰ্কত প্ৰতিক্ৰিয়া বিচাৰি টেলিফোনযোগে যোগাযোগ কৰাত তেওঁ সভাপতি পদৰ পৰাহে পদত্যাগ কৰিছে দলৰ পৰা নহয় বুলি স্পষ্ট কৰি দিয়ে। তেওঁ লগতে সম্পূৰ্ণ ব্যক্তিগত কাৰণ তথা দলৰ তৃণমূলৰ মাজত কাম কৰাৰ স্বাৰ্থত পদত্যাগ কৰা বুলি জনায়।

কিন্তু দলীয় সূত্ৰই জানিবলৈ দিয়া মতে নগাঁও সাংসদ তথা মাৰ্ঘেৰিটাৰ প্ৰাক্তন বিধায়ক প্ৰদ্যুত বৰদলৈৰ ৰোষৰ বলি হ’ব লগা হৈছে ছেত্ৰী। বৰদলৈৰ কেইবাটাও নিদেৰ্শ পালনত অপাৰগতা প্ৰকাশ কৰাৰ বাবেই তাৎক্ষণিক নিদেৰ্শত পদত্যাগ কৰিবলৈ বাধ্য হৈছে। অৱশ্যে এই কথা অস্বীকাৰ কৰিছে বাসুদেৱ ছেত্ৰীয়ে।

২০১৭ চনৰ ১২ জুনত সভাপতি ভুৱন সন্দিকৈৰ মৃত্যুৰ পাছৰে পৰা সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা ছেত্ৰীৰ প্ৰতি ব্ল’ক কংগ্ৰেছ কমিটিৰ বহুকেইজন নেতাৰ সমৰ্থন নাছিল বুলিও চৰ্চা চলিছিল। যাৰ বাবে এক অস্বস্তিকৰ পৰিবেশত দলৰ কাম কৰি আছিল বুলি একেটা সূত্ৰত প্ৰকাশ।

ইতিমধ্যে উপ-সভাপতি অচিন্ত দাসক ভাৰপ্ৰাপ্ত সভাপতিৰ দ্বায়িত্ব অৰ্পণ কৰা হৈছে বুলি কংগ্ৰেছৰ নাম প্ৰকাশত অনিচ্ছুক এটা সূত্ৰই জানিবলৈ দিছে যদিও এই পৰ্যন্ত আনুষ্ঠানিক ভাৱে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা নাই কংগ্ৰেছে।

বিজেপিত যোগদান কৰাৰ উদ্দেশ্যে বাসুদেৱ ছেত্ৰীয়ে কংগ্ৰেছ ত্যাগ কৰা বুলি একাংশই সন্দেহ প্ৰকাশ কৰিছে। তদুপৰি শাসনাধিস্থ গেৰুৱা দলত ছেত্ৰীক যোগদান কৰাবৰ বাবে দলটোৰ একাংশ নেতৃত্বই প্ৰচেষ্টা অব্যহাত ৰাখিছে বুলিও সূত্ৰত প্ৰকাশ।

উল্লেখ্য যে মাৰ্ঘেৰিটা সমষ্টিৰ জাগুন, বুঢ়ীদিহিং মৌজা, লেখাপানী, বৰগোলাই আদি গ্ৰামাঞ্চলত বাসুদেৱ ছেত্ৰীৰ যথেষ্ট গণ ভিত্তি আছে। মাৰ্ঘেৰিটা কংগ্ৰেছৰ শেহতীয়া এই পট পৰিৱৰ্তনে অনাগত সময়ত কেনে ৰূপ লয় সেয়া অতি লক্ষ্যণীয় হ’ব।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd