কয়লা ছিণ্ডিকেইটত সাংবাদিক জড়িত থকাৰ প্ৰমাণ দিবলৈ প্ৰদ্যুৎ বৰদলৈক মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ প্ৰত্যাহ্বান

Margherita Journalists Association

মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সভাৰ এটা দৃশ্য।

মাৰ্ঘেৰিটাকে ধৰি তিনিচুকীয়া জিলাত চলি থকা কয়লা ছিণ্ডিকেইটত একাংশ সাংবাদিকো জড়িত আছে বুলি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে পূৰ্বে কৰা এটা মন্তব্যৰ পিছত অঞ্চলটোৰ সাংবাদিকসকলে উভতি ধৰিছে সাংসদজনক।

আজি হোটেল ৰয়েল ট্ৰিটত ৰাম প্ৰসাদ আম্বেদকাৰৰ পৌৰোহিত্যত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ এখন সভা অনুষ্ঠিত হয় আৰু সাংবাদিকসকলে বৰদলৈৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি বৰদলৈৰ মন্তব্য “বিভ্ৰান্তিকৰ আৰু উদ্দেশ্যপ্ৰণোদিত” আখ্যা দিয়ে।

“মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ পৰা দুকুৰিৰো অধিক সাংবাদিকে সংবাদসেৱা আগ বঢ়াই আহিছে৷ আছে অসংখ্য ৱেব পৰ্টেল৷ লগতে সামাজিক মাধ্যম ফেইচবুকতো সক্ৰিয় হৈ আছে সহস্ৰজন৷ সেইদৰে সামাজিক বিষয়ত সততে সৰৱ ভূমিকা গ্ৰহণ কৰি অহা আছু, অ: জা: যু: ছা: প:, আগছুকে ধৰি বিভিন্ন অৰাজনৈতিক সংগঠনৰ অসংখ্য নেতা-কৰ্মী সক্ৰিয় হৈ আছে৷ তেনে স্থলত দুই এজন সাংবাদিকে টকা খাই এটা ঘটনা গাপ দিয়া কোনোপধ্যে সম্ভৱ নহয় আৰু এয়া দুগ্ধপোষ্য শিশু এটায়ো বিশ্বাস নকৰে” সভাখনত উপস্থিত থকা তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে কয়।

তেওঁ নগাৱঁৰ সাংসদজনক কয়লা ছিণ্ডিকেইটত জড়িত থকা উক্ত “দুই-এজন সাংবাদিক”ৰ নাম তথ্য সহকাৰেৰে প্ৰকাশ কৰিবলৈ প্ৰত্যাহ্বান জনায়৷

তেওঁ কংগ্ৰেছৰ ১৫ বছৰীয়া কাৰ্য্যকালত এনে ধৰণৰ অবৈধ কয়লাখনিত দুৰ্ঘটনা ঘটিছিল নে নাই আৰু যদি ঘটিছিল সেই সময়ত সাংবাদিকৰ সৈতে কিবা লেনদেন হৈছিল নেকি প্ৰকাশ কৰিবলৈ প্ৰত্যাহ্বান জনায়।

সংস্থাৰ মুখপাত্ৰ মানস প্ৰতিম গগৈয়ে সাংসদ বৰদলৈ কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী থকা সময়ত লিডুৰ দিগন্ত চেতিয়া নামৰ সাংবাদিকজনক কেইজনমান কংগ্ৰেছী মাফিয়াৰ দ্বাৰা আক্ৰমণ কৰা ঘটনাটো টানি আনি এই ক্ষেত্ৰত সাংসদজনে কি ব্যৱস্থা গ্ৰহণ কৰিলে বুলি প্ৰশ্ন কৰে৷

প্ৰাঞ্জল প্ৰতিম ভূঞাই “ৰাজনীতিকে ৰাজনীতি কৰক কিন্তু সাংবাদিকক লেটিয়াই নহয়” বুলি মন্তব্য কৰে৷

সংস্থাৰ সভাপতি আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকে বৰদলৈক তথ্য সহকাৰে সকলো কথা স্পষ্ট কৰিবলৈ প্ৰত্যাহ্বান জনায়৷

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি ড° ঋষি দাস আৰু সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগৰ দ্বাৰা স্বাক্ষৰিত ইমেইল পত্ৰৰ যোগেদি বৰদলৈক কয়লা ছিণ্ডিকেটত জড়িত সাংবাদিকৰ নাম তথ্য সহকাৰেৰে প্ৰকাশ কৰিবলৈ দাবী জনাইছিল৷ কিন্তু উক্ত ই-মেইলটোৰ কোনো উত্তৰ নিদিলে বৰদলৈয়ে, সংস্থাৰ অভিযোগ।