মাৰ্ঘেৰিটাত দুগৰাকী কিশোৰী যোৱা ১ ছেপ্টেম্বৰৰ পৰা সন্ধানহীন হৈ আছে। নিখোজ কিশোৰী দুগৰাকীৰ নাম ক্ৰামে আইছা খাতুন (লাজুম ১ নং) আৰু শুভা দাস (বালুখাদ)।
জানিব পৰা মতে শুভা দাস লাজুমত এটা পৰিয়ালৰ ঘৰুৱা সহায়িকা হিচাপে কাম কৰিছিল। ১ ছেপ্টেম্বৰত দিনৰ প্ৰায় ১ বজাত শুভা আৰু আইছা লাজুমৰ পৰা শুভাৰ ঘৰলৈ যাবলৈ ওলাই যায়। তাৰ পিছৰ পৰা দুজনীৰ কোনো খবৰ পোৱা নাই।
নিৰুদ্দেশৰ খবৰ পোৱাৰ পাছত পৰিয়ালৰ লোকসকলে মাৰ্ঘেৰিটা থানাত অভিযোগ দাখিল কৰিছে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো তথ্য পোৱা হোৱা নাই। এই সন্দৰ্ভত আৰক্ষীয়ে জনসাধাৰণক সহায় কৰিবলৈ আহ্বান জনাইছে।
যদি কোনোবাই এই দুগৰাকী কিশোৰীৰ বিষয়ে তথ্য লাভ কৰে তেন্তে ওচৰৰ আৰক্ষী থানাৰ সৈতে যোগাযোগ কৰিব পাৰে বা ৮০১১৭৬২৪৮৪ নম্বৰত ফোন কৰিবলৈ আহ্বান কৰা হৈছে।
মাৰ্ঘেৰিটা আৰু কাষৰীয়া অঞ্চলত এই ধৰণৰ কিশোৰী নিখোজ হোৱাৰ ঘটনা বৃদ্ধি পোৱাৰ ফলত স্থানীয় লোকৰ মাজত উদ্বেগ বৃদ্ধি পাইছে। বহুতে এই ঘটনাক মানৱ সৰবৰাহৰ সৈতে সম্পৰ্কিত হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে। স্থানীয় সমাজৰ লগতে সচেতন মহলে তৎপৰতাৰে ব্যৱস্থা ল’বলৈ কৰ্তৃপক্ষক অনুৰোধ জনাইছে।