সুদক্ষ খেলুৱৈ তথা মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন সম্পাদক প্ৰসান্ত গগৈৰ বিয়োগ

Prashanta Gogoi former sportsman

অসমৰ খেলপথাৰ সমূহত ৭০-৯০ দশকত দুভৰিৰ যাদুৰে ফুটবল প্ৰেমীক মোহাচ্ছন্ন কৰি ৰখা সুদক্ষ খেলুৱৈ তথা মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থাৰ প্ৰাক্তন সম্পাদক (১৯৯১-১৯৯৩) প্ৰসান্ত গগৈ, সকলোৰে জনপ্ৰিয় ৰুবু দা আৰু নাই।

এগৰাকী ভাল ভলিবল আৰু ক্ৰিকেট খেলুৱৈ হিচাপেও নাম থকা তথা ১৯৭৩-৭৫ বৰ্ষৰ মাৰ্ঘেৰিটা এন চি চি দলৰ কেপ্টেইন প্ৰসান্ত গগৈৰ যোৱা ১৯ আগষ্টত কলিকতাৰ এখন চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি থকা অৱস্থাতে মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৭ বছৰ।

উল্লেখযোগ্য যে সদ্য প্ৰয়াত গগৈয়ে ১৯৯২ চনত মাৰ্ঘেৰিটা ক্ৰীড়া সন্থাৰ সম্পাদকৰ দায়িত্বত থকা অৱস্থাত ডিব্ৰুগড়ত অনুষ্ঠিত সদৌ অসম আন্তঃ জিলা ক্ৰীড়া প্ৰতিযোগিতাত মাৰ্ঘেৰিটাৰ খেলুৱৈ দলক অংশ গ্ৰহণ কৰোৱাৰ উপৰি ১৯৯৩ চনত মাৰ্ঘেৰিটাত প্ৰথম বাৰৰ বাবে সদৌ অসম জুনিয়ৰ আন্তঃ জিলা ভলিবল খেল সুখ্যাতিৰে অনুষ্ঠিত কৰি মাৰ্ঘেৰিটালৈ সুনাম কঢ়িয়াবলৈ সক্ষম হৈছিল।

স্কুলীয়া দিনতে মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফুটবল দলৰ অধিনায়ক হিচাপে তেওঁ কেইবাখনো আন্তঃবিদ্যালয় প্ৰতিযোগিতাত পদক লাভ কৰি মাৰ্ঘেৰিটালৈ গৌৰৱ কঢ়িয়াই আনিছিল।

মাৰ্ঘেৰিটা ফুটবল দলৰ কেপ্টেইন হিচাপে খেলি পিছত ক’ল ইণ্ডিয়াত খেলুৱৈ হিচাপে চাকৰি জীৱন আৰম্ভ কৰা প্ৰসান্ত গগৈ (ৰুবু দা)ৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থা, মাৰ্ঘেৰিটা সাংবাদিক সন্থা, স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা, মাৰ্ঘেৰিটা প্ৰবীণ খেলুৱৈ সন্থা, মাৰ্ঘেৰিটা ফুটবল সন্থা, মাৰ্ঘেৰিটা ক্ৰিকেট সন্থা তথা স্থানীয় দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

এগৰাকী বিশিষ্ট ক্ৰীড়াবিদ গগৈৰ বিয়োগত মাৰ্ঘেৰিটাৰ ক্ৰীড়াক্ষেত্ৰত শূন্যতাই বিৰাজ কৰাৰ লগতে অঞ্চলটোত গভীৰ শোকৰ ছাঁ‌ পৰিছে।