উচ্চতম ন্যায়ালয়ৰ অনুমোদন; মিজোৰামৰ প্ৰথমগৰাকী হাইকোৰ্টৰ ন্যায়াধীশ হোৱাৰ পথত মাৰ্লি ভেনকুং

supreme-court_of_India-570x320-750x375

উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে শুকুৰবাৰে নিশা দেশৰ বিভিন্ন হাইকোৰ্টসমূহত ন্যায়াধীশ হিচাপে নিযুক্তি দিবলৈ একেবাৰতে ৬৮গৰাকীৰ নাম কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে।

উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে হাইকোৰ্টৰ ন্যায়াধীশৰ বাবে অনুমোদন জনোৱা এই ৬৮গৰাকীৰ ভিতৰত গুৱাহাটী হাইকোৰ্টৰ বাবে মহিলা জুডিচিয়েল অ’ফিচাৰ মাৰ্লি ভেনকুঙৰ নামো আছে।

নিৰ্বাচিত হ’লে, এগৰাকী অনুসূচীত জনজাতিৰ মহিলা ভেনকুঙে হ’ব মিজোৰামৰ পৰা প্ৰথমগৰাকী হাইকোৰ্টৰ ন্যায়াধীশ।

দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামান্নাৰ নেতৃত্বত গঠিত তিনিজনীয়া সদস্যৰ কলেজিয়ামে যোৱা ২৫ আগষ্ট আৰু ১ছেপ্টেম্বৰত অনুষ্ঠিত বৈঠকত ১১০গৰাকী প্ৰাৰ্থীৰ ( বাৰ’ৰ পৰা ৮২গৰাকী আৰু জুডিচিয়েল চাৰ্বিছৰ পৰা ৩১গৰাকী) নাম বিবেচনা কৰিছিল।

আন দুগৰাকী সদস্য ন্যায়াধীশ ইউ ইউ ললিত আৰু ন্যায়াধীশ এ এম খানিৱালকাৰক লৈ গঠিত কলেজিয়ামে শুকুৰবাৰে নিশা ৬৮গৰাকীৰ নামৰ তালিকা প্ৰকাশ কৰে।

ইয়াৰ ভিতৰত বাৰ’ৰ পৰা ৪৪গৰাকী আৰু ২৪গৰাকী জিলা ন্যায়াধীশ আছে। তালিকাত মুঠতে ১০গৰাকী মহিলা আছে।

সূত্ৰসমূহৰ মতে কলেজিয়ামে সাধাৰণতে অনুমোদনৰ ক্ষেত্ৰত একক সংখ্যাৰ মাত্ৰা অতিক্ৰম নকৰে যদিও একেলগে ৬৮গৰাকীৰ নামত অনুমোদন জনোৱাটোৱে হাইকোৰ্টসমূহত খালী পৰি থকা পদৰ তথা জৰুৰী প্ৰয়োজনীয়তাৰ কথাকে সদৰী কৰে।

উল্লেখ্য যে যোৱা মাহত কলেজিয়ামে পৰম্পৰা ভংগ কৰি একেবাৰতে ৯গৰাকী উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ নামত অনুমোদন জনাইছিল আৰু তেওঁলোকে যোৱা ৩১ আগষ্টত শপত গ্ৰহণ কৰে।

কলেজিয়ামে ১২খন হাইকোৰ্টত ন্যায়াধীশ নিযুক্তিৰ বাবে এই ৬৮গৰাকীৰ নাম অনুমোদন জনাইছে। নিযুক্তি দিবলগীয়া হাইকোৰ্টসমূহে অসম, ছত্তীশগড়, কেৰেলা, পঞ্জাৱ আৰু হাৰিয়ানা, কৰ্মাটক, মধ্যপ্ৰদেশ, মাদ্ৰাছ, জম্মু আৰু কাশ্মীৰ, ঝাৰখণ্ড, ৰাজস্থান, এলাহাবাদ, কলকাতাক সামৰি লৈছে।