বিবাহৰ কেইমিনিট মান পাছতে পিতৃ-মাতৃয়ে অসহায় হৈ চাই থাকিল দুৰ্ঘটনাত দৰা-কইনাই প্ৰাণ হেৰুৱাৰ কৰুণ দৃশ্য

Anerican couple died

আমেৰিকান দৰা-কইনা হাল উৎস-ইণ্টাৰনেট

হাৰলি মৰগানে তেতিয়াও তেওঁৰ ডাঠ কোট চোলা আৰু ৰিয়ান’ন বউড্ৰেক্সাছে তাইৰ ধুনীয়া বিয়াৰ পোছাক পিন্ধি আছিল যেতিয়া টেক্সাছৰ লৰালিৰ প্ৰেমিকা-প্ৰেমিকা হালৰ বিয়াৰ কেইমিনিট মানৰ ভিতৰতে এখন ট্ৰাকৰ খুন্দাত মৃত্যু হৈছিল।

১৯ বছৰীয়া মৰ্গান আৰু ২০ বছৰীয়া বউড্ৰেক্সাছক যিগৰাকী পুৰোহিতে আজীৱন একেলগে থকাৰ শপত পাঠ কৰাইছিল সেইগৰাকী পুৰোহিতেই তেওঁলোকক মৃত বুলি ঘোষণা কৰে।

‘‘মই পাঁচ মিনিট লম, তুমি কইনাক চুম্বন কৰিব পাৰা,’’ অ’ৰেঞ্জ পুলিছৰ কেপ্তেইন কেইথ লংলইছে কৈছিল। পৰিয়ালৰ লোকসকল তেওঁলোকৰ ওচৰতে আছিল আৰু তেওঁলোক পূৰ্ব নিৰ্ধাৰিত স্থানলৈ বিবাহৰ পাৰ্টিৰ বাবে যাবলৈ ওলাইছিল। এনেদৰে জানিবলৈ দিয়ে অ’ৰেঞ্জ পুলিছৰ কেপ্তেইনে।

বিষয়াগৰাকীয়ে নৱ বিবাহিত দৰা-কইনা শৈশৱৰ পৰাই প্ৰেমৰ পবিত্ৰ বন্ধনত বান্ধ খাই আছিল বুলি জানিবলৈ দিয়ে।

দৰাই বিবাহ কাৰ্য্য সম্পন্ন হোৱাৰ পাছতে কইনাক লগত লৈ গাড়ীৰে ফাইভ লেইনযুক্ত পথ এটা পাৰ হ’বলৈ ওলোৱাৰ সময়তে এখন দ্ৰুতবেগী ট্ৰাকে তেওঁলোকৰ গাড়ীত খুন্দা মাৰে আৰু ঘটনাস্থলীতে তেওঁলোকৰ মৃত্যু হয়।

ট্ৰাকৰ খুন্দাত গাড়ীখন বহু দূৰলৈ ছিটিকি পৰিছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে জনিবলৈ দিয়ে।

ট্ৰাক চালকজনৰ বৰ্তমানলৈ পৰিচয় লাভ কৰা হোৱা নাই যদিও তেওঁ তদন্ত প্ৰক্ৰিয়াত সম্পূৰ্ণ সহযোগিতা কৰিছে।

চালকগৰাকীয়ে কোনোধৰণৰ সুৰাপান কৰা নাছিল অথবা ড্ৰাগছ গ্ৰহণ কৰা নাছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰে।

দৰাৰ মাতৃ লাছৱনা মৰগানে অতি শোকেৰে কয় ‘‘মই ইয়াত বহি থাকি মোৰ দুগৰাকী শিশুৰ মৃত্যু চাই আছিলো’’।

আমেৰিকাৰ এই হৃদয় বিদাৰক ঘটনাটোৰ কথা ইণ্টাৰনেটৰ যোগেৰে ভাইৰেল হোৱাৰ পাছতে সকলোৱে স্বৰ্গগামী দৰা-কইনাৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিছে।