• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিয়ম ৰক্ষাৰ মেচত দুৰ্দান্ত প্ৰদৰ্শন; মাৰ্শ্বৰ অনবদ্য শতকেৰে গুজৰাটক হৰুৱাই সান্ত্বনাৰ জয় লক্ষ্ণৌৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 23, 2025 7:53 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাগজে-কলমে মেচখন হ’লেও এইখনৰ কোনো গুৰুত্ব নাছিল। মেচখন পূৰ্ব নিৰ্ধাৰিত হোৱাৰ বাবে খেলত নামিছিল গুজৰাট টাইটানছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছ। ইতিমধ্যে গুজৰাটে প্লে অফত প্ৰৱেশ কৰাৰ বিপৰীতে লক্ষ্ণৌ বাহিৰ হৈছিল। এই মেচখনত লক্ষ্ণৌ ছুপাৰ জায়েন্টছে ৩৩ ৰানত জয়লাভ কৰে। যদিও পইণ্ট তালিকাৰ স্থান সলনি খেলখনৰ ফলাফলৰ ওপৰত নিৰ্ভৰশীল নাছিল, তথাপিও এল এছ জিয়ে মেচখনত জয়লাভ কৰি সান্ত্বনা লভিছে।

এটা দল তেতিয়াহে সফল হয় যেতিয়া সেই দলটোৰ প্ৰতিটো বিভাগৰ খেলুৱৈ সফল হয়। সেইটো এইবাৰ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ ক্ষেত্ৰত দেখা নগ’ল। যদিও দলটোত মিচেল মাৰ্শ্ব, নিকোলাছ পুৰাণ, ঋষভ পণ্টৰ দৰে খেলুৱৈ আছিল, তথাপিও কোনেও দক্ষতা অনুসৰি খেলিব পৰা নাছিল।

শেষ মুহূৰ্তত তেওঁলোকে নিজৰ ছন্দ বিচাৰি পালে। আই পি এলৰ পৰা বাহিৰ হোৱাৰ পিছত এল এছ জিৰ খেলুৱৈসকলে উজলি উঠি শক্তিশালী গুজৰাট টাইটানছক পৰাস্ত কৰে।

এক গুৰুত্বহীন মেচত লক্ষ্ণৌৱে আধিপত্য প্ৰদৰ্শন কৰে। প্ৰথমে বেটিং কৰি তেওঁলোকে ২৩৫ ৰানৰ বিশাল স্ক’ৰ কৰে। মাত্ৰ ২ টা উইকেট হেৰুৱাই এই ৰান কৰে। আইডেন মাৰ্ক্ৰাম আৰু মিচেল মাৰ্শ্বৰ অপেনিং পাৰ্টনাৰশ্বিপত ৯১ ৰান সংগ্ৰহ কৰে।

মাৰ্কৰামে ৩৬ ৰান সংগ্ৰহ কৰি উভতি যোৱাৰ পিছত নিকোলাছ পুৰাণ আৰু মিচেল মাৰ্শ্বে দলটোৰ দায়িত্ব লয়। এই যুটিয়ে ১২১ ৰান সংগ্ৰহ কৰে। মাৰ্ছে ১১৭ ৰানত উভতি যায় যদিও তেতিয়ালৈকে দলটোৱে বিশাল স্ক’ৰৰ পথত আগবাঢ়িছিল। আই পি এলত মাৰ্শ্বৰ এইটো প্ৰথম শতক আছিল।

নিকোলাছ পুৰানে ৫৬ ৰান সংগ্ৰহ কৰে। বহুদিনৰ মূৰত তেওঁ আই পি এলত অৰ্ধশতক অৰ্জন কৰে। কোনো গুৰুত্ব নথকা মেচত জিলিকি উঠিল এই দুগৰাকী তাৰকা। এই খেলখনত ঋষভ পন্তে ১৬ ৰান সংগ্ৰহ কৰে।

বিশাল স্কোৰৰ লক্ষ্য অনুসৰণ কৰি গুজৰাট টাইটানছৰ কোনো এজনেই ডাঙৰ স্কোৰ নকৰিলেও প্ৰতিজন বেটছমেনে ৰান পাইছিল। ছাই সুদৰ্শন, শুভমন গিল, জোছ বাটলাৰ, শ্বাৰফান ৰাদাৰফোৰ্ডে ক্ৰমে ২১, ৩৫, ৩৩, ৩৮ ৰান সংগ্ৰহ কৰে।

শেষত শ্বাহৰুখ খানে কঠোৰ যুঁজ দিলেও তেওঁ নিজৰ দলটোক জয়ৰ দিশত আগুৱাই নিব নোৱাৰিলে। শ্বাহৰুখে ৫৭ ৰান সংগ্ৰহ কৰে। অৱশ্যে লক্ষ্ণৌৰ বলাৰৰ শক্তিৰ সন্মুখত গুজৰাটৰ কোনো বেটছমেনে টিকিব নোৱাৰিলে। নিৰ্ধাৰিত ২০ অভাৰত গুজৰাটে ৯টা উইকেট হেৰুৱাই ২০২ ৰানহে সংগ্ৰহ কৰে।

লক্ষ্ণৌৰ হৈ উইলিয়াম অ’ৰ’ৰ্কে তিনিটা উইকেট দখল কৰে। আৱেশ খান আৰু আয়ুষ বদোনীয়ে দুটাকৈ উইকেট দখল কৰে। আকাশ মহাৰাজ সিং আৰু শ্বাহবাজ আহমেদে এটাকৈ উইকেট পায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

September 15, 2025 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd