ভাৰতীয় বক্সিং কিংবদন্তি এম চি মেৰী কমে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে স্বামী কাৰুং অনখোলাৰৰ সৈতে বিবাহ বিচ্ছেদৰ কথা। ২০০৫ চনৰ পৰা বিবাহিত এই দম্পতীহালে ২০২২ চনৰ মণিপুৰ বিধানসভা নিৰ্বাচনত অনলেৰে বিফলতাৰ পিছত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, যাৰ ফলত ২-৩ কোটি টকাৰ আৰ্থিক লোকচান হৈছিল আৰু তেওঁলোকৰ সম্পৰ্কতো টান অহিছিল। অনলাৰ দিল্লীত থকাৰ সময়তে মেৰী কমে চাৰিটা সন্তানৰ সৈতে ফৰিদাবাদলৈ গুচি গৈছিল যাৰ ফলত বিচ্ছেদৰ উৰাবাতৰি বিয়পি পৰিছিল। যিটো এতিয়া কিংবদন্তি বক্সাৰ গৰাকীৰ ঘোষণাৰ পাছতে নিশ্চিত হৈ পৰিছে।
ব্যৱসায়িক সহযোগী হিতেশ চৌধুৰীৰ সৈতে সম্পৰ্ক থকা বুলি বাতৰি প্ৰকাশ পোৱাৰ পিছতে মেৰী কমৰ ব্যক্তিগত জীৱনকলৈ উৰাবাতৰি বিয়পি পৰিছিল। তেওঁ এই দাবীসমূহক আইনী জাননীৰ জৰিয়তে কঠোৰভাৱে খণ্ডন কৰি এই দাবীসমূহক “ভিত্তিহীন” বুলি অভিহিত কৰি চৌধুৰীৰ সৈতে তেওঁৰ সম্পৰ্ক পেছাদাৰী বুলি স্পষ্ট কৰি দিয়ে।
ছ’চিয়েল মিডিয়াত এই জল্পনা-কল্পনাক সম্বোধন কৰি মেৰী কমে সংবাদ মাধ্যম আৰু জনসাধাৰণক তেওঁৰ গোপনীয়তাক সন্মান কৰিবলৈ আৰু তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে ভুৱা বাতৰি প্ৰচাৰ নকৰিবলৈ আহ্বান জনাইছে। বিবাহ বিচ্ছেদৰ সময়ত দুয়োটা পৰিয়াল উপস্থিত আছিল আৰু মেৰী কমে ইতিবাচকভাৱে আগবাঢ়ি যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে।
তেওঁ মণিপুৰত এক সংবাদমেল আয়োজন কৰি বিষয়টো স্পষ্ট কৰি দিয়ে আৰু ভুল তথ্য বিয়পোৱাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰআ হ’ব বুলি সকীয়াই দিয়ে। আৰু মেৰী কমে নিজৰ বক্সিং একাডেমী আৰু অন্যান্য উদ্যোগত মনোনিৱেশ কৰাৰ লগতে ব্যক্তিগত অধ্যায়টোক আগুৱাই নিবলৈ বিচাৰিছে বুলি সদৰী কৰে।