বিশ্ববিদ্যালয়ৰ চৌহদত গুলীচালনা  : ৭ জন নিহত,  চাৰিটা বন্দুক লৈ সোমাই আহিল ১৯ বছৰীয়া যুৱক

বিশ্বৰ বিখ্যাত বিশ্ববিদ্যালয়, ইউনিভাৰ্চিটি নঅৱ ভাৰ্জিনিয়াৰ কেম্পাচত সংঘটিত হৈছে ভয়ানক গুলীচালনাৰ ঘটনা। গুলীচালনাত গুৰুতৰভাবে আহত হৈছে  ৫ গৰাকী ব্যক্তি। আহত সকল বৰ্তমানে চিকিৎসাধীন হৈ আছে। 

জানিব পৰা মতে, মঙলবাৰে ভাৰ্জিনিয়া কমনৱেলথ বিশ্ববিদ্যালয়ৰ ডাউনটাউন থিয়েটাৰৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হোৱাৰ পিছত ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলে এজন এজনকৈ থিয়েটাৰৰ পৰা ওলাই থকাৰ সময়তে এগৰাকী ১৯ বছৰীয়া যুৱকে চাৰিটাকৈ বন্দুক সহিতে বিশ্ববিদ্যালয়ৰ কেম্পাছত প্ৰৱেশ কৰে। 

লগতে পঢ়কঃ উৰিষ্যাত আন এক শোকাৱহ ৰে’ল দুৰ্ঘটনা: মালবাহী ৰে’লৰ খুন্দাত ৬ শ্ৰমিকৰ মৃত্যু

চৌহদত প্ৰৱেশ কৰিয়েই যুৱকজনে নিৰ্বিচাৰে গুলীবৰ্ষণ কৰে। এই গুলীচালনাত ৭ জনকৈ লোক থিতাতে নিহত হয় আৰু আন ৫ জন গুৰুতৰভাবে আহত হয়। আহতসকলৰ অৱস্থা বৰ্তমানেও সংকটজনক।

জানিব পৰা মতে, গুলীচালনাৰ সৈতে জড়িত ১৯ বছৰীয়া যুৱক জনক অস্ত্ৰসহিতে গ্ৰেপ্তাৰ কৰিছে ৰিচমণ্ড আৰক্ষীয়ে। বিভাগটোৰ মুৰব্বী ৰিক এডৱাৰ্ডে মঙলবাৰে নিশা সংবাদ মাধ্যমৰ আগত এই গ্ৰেপ্তাৰ নিশ্চিত কৰে।

লগতে পঢ়কঃ নেদেখা দেশলৈ গুচি গ’ল দূৰদৰ্শনৰ জনপ্ৰিয় বাতৰি পৰিৱেশক গীতাঞ্জলী আইয়াৰ