আজি পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব এটা গ্ৰহাণু। সদ্যহতে বিপদৰ কোনো লক্ষণ দেখা দিয়া নাই। অৱশ্যে বিজ্ঞানীসকলে আকাশপথত নজৰ ৰাখিছে। এতিয়ালৈকে কোনো অস্বাভাৱিক একো দেখা পোৱা নাই যদিও কক্ষপথৰ হঠাৎ পৰিৱৰ্তন হ’লে পৃথিৱীত ইয়াৰ প্ৰভাৱৰ ওপৰত নজৰ ৰখা হৈছে।
আজি মঙলবাৰে (৫ আগষ্ট) পৃথিৱীৰ কাষেৰে পাৰ হৈ যোৱাৰ কথা গ্ৰহাণু ২০২৫ OT7। ইয়াৰ ব্যাস প্ৰায় ১৭০ ফুট। ই ঘণ্টাত ৭৭,৯৪২ কিলোমিটাৰ বেগেৰে গতি কৰিছে। কিন্তু পৃথিৱীৰ কাষেৰে পাৰ হৈ গ’লেও, এই গ্ৰহাণুটো অতি ওচৰৰ অৱস্থানতো পৃথিৱীৰ পৰা ৪,৩৪৫,২২৮ কিলোমিটাৰ দূৰত থাকিব।
যদিও ৪,৩৪৫,২২৮ কিলোমিটাৰ পৃথিৱীৰ পৰা বহু দূৰ যেন লাগে, মহাকাশ বিজ্ঞানৰ জগতখনত এই দূৰত্বক যথেষ্ট ওচৰৰ বুলি গণ্য কৰা হয়। ২০২৫ চনৰ OT7 গ্ৰহাণুটো আচলতে এটেন গ্ৰুপৰ। এই গ্ৰুপৰ গ্ৰহাণুবোৰ প্ৰায়ে পৃথিৱীৰ কক্ষপথৰ ওপৰেৰে পাৰ হৈ যায়। অৱশ্যে ২০২৫ চনৰ OT7 গ্ৰহাণুটোক বৰ্তমান পৃথিৱীৰ বাবে বিপজ্জনক বুলি গণ্য কৰা হোৱা নাই।
যদি ইয়াৰ আকাৰ ৮৫ মিটাৰতকৈ অধিক আৰু পৃথিৱীৰ পৰা ৭৪ লাখ কিলোমিটাৰৰ ভিতৰত হয় তেন্তে এই গ্ৰহাণুক পৃথিৱীৰ বাবে বিপজ্জনক বুলি গণ্য কৰা হয়। কিন্তু সাধাৰণতে পৃথিৱীৰ পৰা নিৰাপদ দূৰত্বত থকা গ্ৰহাণুবোৰক বিজ্ঞানীসকলে নিৰীক্ষণ কৰে। কাৰণ ইহঁতৰ গতিপথত সামান্য পৰিৱৰ্তন হ’লেও পৃথিৱীলৈ বিপদৰ সৃষ্টি হ’ব পাৰে। ফলত আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছা আৰু অন্যান্য সংস্থাই ইয়াৰ নিৰীক্ষণ কৰে।
একাংশ বিজ্ঞানীয়ে এই গ্ৰহাণু আৰু ধুমকেতুৰ মাজত পৃথিৱীত জীৱ সৃষ্টিৰ সৈতে এক সম্পৰ্ক বিচাৰি উলিয়াইছে। আনকি বহুতে বিশ্বাস কৰে যে পানীৰ মৌলবোৰ গ্ৰহাণুৰ যোগেদি পৃথিৱীত উপস্থিত হৈছিল। সেয়েহে বিজ্ঞানীসকলে গ্ৰহাণু আৰু ধুমকেতুৰ দৰে মহাজাগতিক বস্তুৰ প্ৰতি মনোযোগ দিবলৈ প্ৰৱল আগ্ৰহী।
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাও (ISRO) গ্ৰহাণুৰ বিষয়েও অধ্যয়ন কৰিবলৈ আগ্ৰহী। ২০২৯ চনত এপ’ফিছ নামৰ এটা গ্ৰহাণু পৃথিৱীৰ ওচৰৰ পৰা পাৰ হৈ যাব। ইছৰোৱে নাছা, ই এছ এ আৰু জেক্সাৰ সহযোগত সেই গ্ৰহাণুটোৰ ওপৰত এখন মহাকাশযান অৱতৰণ কৰিবলৈ আগ্ৰহী।
পৃথিৱীখনক গ্ৰহাণুৰ পৰা ৰক্ষা কৰিবলৈ যোৱা কেইবছৰমানৰ পৰা মহাকাশ প্ৰতিৰক্ষাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। ইয়াৰ পূৰ্বে নাছাই ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি নিজৰ কক্ষপথৰ পৰা এটা গ্ৰহাণু আঁতৰোৱাত সফল হৈছিল। সেইবাবেই ২০২৫ চনৰ OT7 গ্ৰহাণুটো বিপদজনক নহ’লেও সকলোৱে চকু ৰাখিছে।
বিশ্বব্ৰহ্মাণ্ডত কেতিয়া কি ঘটে তাৰ নিশ্চয়তা নাই। কিন্তু যাতে পৃথিৱীলৈ কোনো বিপদ নাহে, তাৰ বাবে বিজ্ঞানীসকলে অহৰহ মহাকাশ নিৰীক্ষণ কৰে। কোনো সৰু বস্তু তেওঁলোকৰ দৃষ্টিৰ পৰা সাৰি নাযায়।