শ্বাহিদ আফ্ৰিদীৰ জীয়েকৰ বিয়াক লৈ ক্ৰিকেট অনুৰাগীসকলৰ উৎসাহ, দৰা কোন!

পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেট তাৰকা শ্বাহিদ আফ্ৰিদীৰ জীয়েকৰ বিয়া ঠিক হৈছে।

দৰা হ’ব পাকিস্তানৰে ফাষ্ট বলাৰ শ্বাহীন শ্বাহ আফ্ৰিদী।

দেওবাৰে শ্বাহিদ আফ্ৰিদীয়ে এটা টুইটযোগে এই কথা জনায়।

টুইটটোত তেওঁ কয় যে সম্পৰ্কৰ জোৰা তথা ‘মেচ’সমূহ সৰগত সৰজা হয় আৰু সকলো আল্লাৰ ইচ্ছা।

আফ্ৰিদীয়ে কয় যে শ্বাহীনৰ পৰিয়ালে প্ৰথমে প্ৰস্তাৱ আগবঢ়োৱাৰ পাছতে দুয়োটা পৰিয়াল একলগ হৈছে।

ইতিমধ্যে আফ্ৰিদীয়ে টুইটটোৰ যোগেৰে শ্বাহীনক খেলপথাৰৰ ভিতৰে-বাহিৰে সফলতা লাভৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে।

আফ্ৰিদীয়ে সংবাদমাধ্যমক জনায় যে অতি সোনকালে পৰম্পৰাগতভাৱে বাগদান সম্পন্ন কৰা হ’ব।

আনহাতে শ্বাহীনৰ দেউতাক আয়াজ খানে কয় যে তেওঁলোকে প্ৰথম প্ৰস্তাৱ আগবঢ়াইছিল আৰু ইয়াক গ্ৰহণ কৰা হৈছে।

তেওঁ অতি সোনকালে বাগদানৰ তাৰিখো ঘোষণা কৰা হ’ব বুলি জনাইছে।

আনহাতে, আফ্ৰিদীৰ এই টুইটটোৰ পাছতে সোমবাৰে শ্বাহীনে ভাবী শহুৰক ধন্যবাদ জনাইছে।

এটা টুইটৰ যোগেৰে শ্বাহীনে প্ৰাক্তন অলৰাউণ্ডাৰজনক ‘লালা’ সম্বোধন কৰি আফ্ৰিদীক দেশখনৰ গৌৰৱ বুলি অভিহিত কৰিছে।

উল্লেখযোগ্য যে ২০ বছৰ বয়সতে শ্বাহীন আফ্ৰিদীয়ে পাকিস্তানৰ হৈ ক্ৰিকেটৰ আটাইকেওটা ফৰমেটতে সুন্দৰ বলিং প্ৰদৰ্শন কৰিছে।

এগৰাকী বাওঁহতীয়া ফাষ্ট বলাৰ হিচাপে তেওঁ ১৫ খন টেষ্টত ৪৮টা, ২১ খন এদিনীয়া মেচত ৪৫টা আৰু ২২খন টু২০ মেচত ২৪টাকৈ উইকেট লাভ কৰি ক্ৰিকেট বিশ্বৰ অন্যতম যুৱ প্ৰতিভা হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে।