NORTHEAST NOW (Assamese)

মায়াৱতীৰ ঘৰত অন্ধকাৰ: যোগী চৰকাৰৰ কিহৰ প্ৰতিশোধ?

February 13, 2020 4:35 pm · এন ই নাও নিউজ
বিএছপি নেত্ৰী মায়াৱতী। ফটো: ফেইচবুক

বহুজন সমাজ পাৰ্টিৰ (বিএছপি) সভানেত্ৰী মায়াৱতীয়ে বুধবাৰে অন্ধকাৰ কিমান অস্বস্তিকৰ হ’ব পাৰে তাৰ উমান পালে।

আমোদজনক কথাটো হ’ল বিদ্যুতৰ বিল পৰিশোধ নকৰাৰ বাবে মায়াৱতীৰ গ্ৰেটাৰ নয়দাৰ বদলপুৰৰ বাসগৃহৰ বিদ্যুৎ সংযোগ কৰ্তন কৰা হয়।

নেত্ৰীগৰাকীয়ে বিদ্যুতৰ ৬৭,০০০ টকাৰ বিল আদায় দিয়া নাছিল।

শক্তি বিভাগৰ মুখপাত্ৰই কয় যে এই বিদ্যুৎ কৰ্তন এক ‘নিয়মীয়া অনুশীলন’।

মায়াৱতীৰ পৰিয়ালৰ সদস্যই ততাতয়াকৈ ৫০,০০০ টকা জমা কৰাৰ পাছতেই তেওঁৰ বাসগৃহ পুনৰ বিদ্যুতেৰে আলোকিত হৈ পৰে।

শক্তি বিভাগৰ লক্ষ্ণৌৰ এগৰাকী জ্যেষ্ঠ  বিষয়াই কয় যে এই ঘটনাৰ সৈতে কোনো ৰাজনীতি জড়িত নাই।

‘’আমি য’তেই বিদ্যুতৰ বিল অনাদায় হৈ থাকে তাতেই বিদ্যুৎ কৰ্তন কৰো আৰু এই ঘটনাটোও তাৰেই এটা উদাহৰণ মাত্ৰ। বিদ্যুৎ সংযোগ পুনৰ দিয়া হৈছে,’’-বিষয়াগৰাকীয়ে কয়।

বহুতেই ঘটনাটোক এটা ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি ভাৱিছিল।

মায়াৱতী যিহেতু প্ৰাক্তন মুখ্য মন্ত্ৰী আৰু এগৰাকী বলিষ্ঠ বিৰোধী নেত্ৰী সেয়েহে কথাটো প্ৰথমতে সকলোৱে ৰাজনৈতিক প্ৰতিশোধৰ বুলিয়েই অনুমান কৰিছিল।

যিয়েই নহওক, অন্ধকাৰ আঁতৰাই মায়াৱতীৰ গৃহত এতিয়া আলোক উজলিছে।

Related News