NORTHEAST NOW (Assamese)

আজিও শুংসূত্ৰ নাই অসম চিকিৎসা মহাবিদ্যালয়ৰ সন্ধানহীন ছাত্ৰ ইছাদুল হকৰ

January 17, 2020 4:47 pm · এন ই নাও নিউজ
ইচাদুল হক

ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ইছাদুল হক সন্ধানহীন হৈ থকাৰ বাতৰিয়ে ছাত্ৰজনৰ জন্মস্থানত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

চিকিৎসা মহাবিদ্যালয়ৰ হোষ্টেলৰ পৰা ২৪ ডিচেম্বৰৰ পৰাই সন্ধানহীন হৈ থকা ছাত্ৰ গৰাকীৰ ঘৰ হোজাইৰ আশীনগৰত।

সন্ধানহীন হৈ থকা ইছাদুল হক এম বি বি এছৰ নৱম ষাণ্মাষিকৰ ছাত্ৰ আছিল।

মেধাবী ছাত্ৰ গৰাকীৰ পৰিয়ালে জনোৱা অনুসৰি বিগত বৰ্ষৰ ২২ ডিচেম্বৰত শেষ বাৰৰ বাবে পৰিয়ালৰ লোকৰ সৈতে ছাত্ৰ গৰাকীৰ যোগাযোগ হৈছিল।

সন্ধানহীন ছাত্ৰ গৰাকী নিৰুদ্দেশ হৈ থকাৰ পাছত পৰিয়ালৰ লোকে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে যদিও এই পৰ্যন্ত ইছাদুলৰ কোনোধৰণৰ শুংসূত্ৰ উলিয়াব পৰা নাই ডিব্ৰুগড় আৰক্ষীয়ে।

আনহাতে, চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰাৱাসৰ পৰা এগৰাকী ছাত্ৰ সন্ধানহীন হোৱা ঘটনাক সহজভাৱে গ্ৰহণ কৰিব পৰা নাই ছাত্ৰ গৰাকীৰ পৰিয়ালৰ লোক সকলে।

ইছাদুলৰ পিতৃ-মাতৃয়ে শীঘ্ৰে আৰক্ষীক তেওঁলোকৰ পুত্ৰক বিচাৰি উলিওৱাৰ বাবে অনুৰোধ জনাইছে।

Related News