বৰ্তমান বিশ্বৰ অন্যতম চৰ্চিত উদ্যোগপতি ৰতন টাটা। ভাৰতীয় উদ্যোগলৈ ৰতন টাটাৰ অৱদান অনস্বীকাৰ্য। ৰতন টাটা এগৰাকী কল্যাণকামী উদ্যোগপতি হিচাপে পৰিচিত। দেশ আৰু দহৰ বাবে কৰা ভাল চিন্তাই ৰতন টাটাক নতুন উচ্চতালৈ লৈ গৈছে। ৰতন টাটাৰ হাতত ধৰিয়েই ইটোৰ পিছত সিটো ইতিহাস গঢ়িছে টাটা গ্ৰুপে।
এতিয়া জানিব পৰা গৈছে যে টাটা গ্ৰুপে এটা আন্তঃৰাষ্ট্ৰীয় কোম্পানীৰ সৈতে চুক্তিবদ্ধ হৈছে। কিন্তু এই চুক্তিৰ জৰিয়তে টাটা গ্ৰুপে নতুন ব্যৱসায়ত প্ৰৱেশ কৰিবলৈ ওলাইছে নেকি? পাকঘৰৰ নিমখৰ পৰা চাৰিচকীয়া বাহন, আই টিৰ পৰা গাৰ্মেণ্টলৈকে দেশৰ বিভিন্ন ঔদ্যোগিক খণ্ডত টাটা গ্ৰুপে বাৰে বাৰে নিজকে অদ্বিতীয় হিচাপে প্ৰমাণ কৰি আহিছে। কিন্তু এইবাৰ টাটা গ্ৰুপে ফাষ্ট ফুডৰ ব্যৱসায়ত প্ৰৱেশ কৰিবলৈ ওলাইছে।
বিশ্বপ্ৰসিদ্ধ ফাষ্ট ফুড চেইন মেকড’নাল্ডছৰ সৈতে টাটা কনছালটেন্সি চাৰ্ভিচেছ বা টাটা গ্ৰুপৰ আই টি ফাৰ্ম টিচিএছে চুক্তি স্বাক্ষৰ কৰিছে। বিশেষ সূত্ৰৰ জৰিয়তে লাভ কৰা তথ্য অনুসৰি টাটাই মেকড’নাল্ডছৰ সৈতে ২ বছৰৰ বাবে এই চুক্তি স্বাক্ষৰ কৰিছে। জানিব পৰা মতে ফিলিপাইনছৰ ৭৬০খনতকৈও অধিক মেকড’নাল্ডছ ৰেষ্টুৰেণ্টৰ কাৰ্য্যকলাপ ডিজিটেলাইজ কৰাৰ চৰ্তত টিচিএছে এই চুক্তি কৰিছে।
লগতে পঢ়কঃ বিজ্ঞানীসকলৰ অভিনৱ আৱিষ্কাৰ! পালে নতুন প্ৰকাৰৰ ব্লাড গ্ৰুপ ‘MAL’, জানি লওক ইয়াৰ বৈশিষ্ট্য
ইয়াৰ উপৰিও টিচিএছে ফিলিপাইনছৰ মেকড’নাল্ডছৰ আইটি ব্যৱস্থা উন্নীতকৰণৰ কামো কৰিব। টাটা কনছালটেন্সি চাৰ্ভিচেছৰ প্ৰায় ৫০০০ কৰ্মচাৰীয়ে ফিলিপাইনছত কাম কৰি আছে। টিচিএছৰ বজাৰ মূল্য প্ৰতি শ্বেয়াৰত ৪৩৪৭ টকা। লগতে বিশ্বৰ অন্যতম বৃহৎ ফুড চেইন মেকড’নাল্ডছ। এই আন্তঃৰাষ্ট্ৰীয় কোম্পানীটোৰ আউটলেট বিশ্বৰ ১০০ খনতকৈও অধিক দেশত আছে। সমগ্ৰ বিশ্বতে মেকড’নাল্ডছৰ ৪২ হাজাৰতকৈ অধিক আউটলেট আছে।