• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেডিকেল পাঠক্রমত নামভর্তি : অসম চৰকাৰৰ স্থায়ী বাসিন্দা সন্দৰ্ভত পূৰ্বৰ নীতিকে বাহাল ৰখাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 21, 2018 12:15 pm
neet-medical-entrance-exam-date-syllabus

প্রতিনিধিত্বমূলক ফটো

100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত এম বি বি এছ, বি ডি এছ আৰু আয়ুৰ্বেদিক পাঠ্যক্ৰমত নামভৰ্তিৰ ক্ষেত্ৰত ৰাজ্যিক সংৰক্ষণৰ অধীনত অসম চৰকাৰে পূৰ্বে লোৱা স্থায়ী বাসিন্দা সম্পৰ্কীয়  নীতিকে বাহাল ৰাখিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে।

ইপিনে অসমৰ মেডিকেল আৰু ডেণ্টেল কলেজসমূহত নামভৰ্তিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা নীতিক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা কেইবাখনো লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি শুকুৰবাৰে পূৰ্বৰ নীতিকে বাহাল ৰখাৰ পক্ষে ৰায় দিয়ে ন্যায়াধীশ অৰুণ মিশ্ৰ আৰু ন্যায়াধীশ এছ আব্দুল নাজীৰৰ বিচাৰপীঠে।

তদুপৰি একেখন বিচাৰপীঠে অধিনিয়ম ৩ (১) (গ) ক প্ৰত্যাহ্বান জনাই দাখিল কৰা লেখ আবেদনসমূহ খাৰিজ কৰে।

আনহাতে, সৰ্বোচ্চ ন্যায়ালয়খনৰ ন্যায়াধীশ অৰুণ মিশ্ৰ আৰু এছ আব্দুল নাজীৰৰ বিচাৰপীঠে ৰাজ্যৰ শৈক্ষিক মান অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত মেডিকেল কলেজত নামভৰ্তিৰ সময়ত কেতবোৰ প্ৰয়োজনীয় অৰ্হতা পূৰণ বাধ্যতামূলক কৰাটো যুক্তিসংগত বুলি সদৰি কৰি এম বি বি এছ, বি ডি এছ আৰু আয়ুৰ্বেদিক পাঠ্যক্ৰমত অসমৰ স্থায়ী প্ৰাৰ্থীৰ বাবে সংৰক্ষণৰ নীতিক বৈধতা প্ৰদান কৰে।

অৱশ্যে এইক্ষেত্ৰত স্নাতকোত্তৰ আৰু প’ষ্ট-ডক্টৰেল ছুপাৰ স্পেচিয়েল পাঠ্যক্ৰমৰ নামভৰ্তিৰ ক্ষেত্ৰত বিচাৰপীঠখনে পৃথক নীতি গ্ৰহণৰ পোষকতা কৰে।

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে মেডিকেলত নামভৰ্তিৰ ক্ষেত্ৰত পূৰ্বে বান্ধি দিয়া অৰ্হতা অনুসৰি প্ৰাৰ্থীজন ভাৰতীয় নাগৰিক হোৱাৰ উপৰি অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব অথবা তেওঁৰ পিতৃ অথবা মাতৃ অসমত একেৰাহে কুৰি বছৰ বসবাস কৰা হ’ব লাগিব। তদুপৰি প্ৰাৰ্থীগৰাকীয়ে অসমত সপ্তম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত শিক্ষা গ্ৰহণ কৰিব লাগিব।

ইপিনে আবেদনকাৰীয়ে শেষৰ চৰ্তটোক প্ৰত্যাহ্বান জনাই কৈছে যে কোনোৱে অসমত দ্বাদশ পৰ্যন্ত শিক্ষা গ্ৰহণ নকৰিলেও দীৰ্ঘ সময় শিক্ষাগ্ৰহণ কৰাসকলক ৰাজ্যিক সংৰক্ষণৰ আওতালৈ আনিব লাগে। আবেদনকাৰীয়ে এনে নকৰাটো ভাৰতীয় সংবিধানৰ ১৪নং অনুচ্ছেদৰ উলংঘা বুলিও যুক্তি দৰ্শাইছে।

আনহাতে, আবেদনকাৰীয়ে লগতে এইটোও যুক্তি দৰ্শায় যে যিহেতু এম বি বি এছ ডিগ্ৰী গ্ৰহণৰ পিছত ৰাজ্যত পাঁচ বছৰ বা গ্ৰামাঞ্চলত এবছৰ সেৱা আগবঢ়োৱাৰ বাবে চুক্তি কৰা হয় আৰু চুক্তি ভংগকাৰীয়ে ৩০ লাখ টকা দিয়াৰ ব্যৱস্থা আছে, এনে প্ৰেক্ষাপটত ৰাজ্যিক সংৰক্ষণত সকলো প্ৰাৰ্থীকে নামভৰ্তিৰ সুযোগ দিয়া উচিত।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অৰুণ মিশ্ৰ আৰু ন্যায়াধীশ এছ আব্দুল নাজীৰৰ বিচাৰপীঠে তাৎপৰ্যপূৰ্ণভাৱে ৰাজ্যখনত চিকিৎসকৰ প্ৰয়োজনীয়তা, বিকাশ আৰু অনুন্নত অঞ্চল হিচাপে পাব লগা সুবিধা আদিলৈ চাই  অসমৰ মেডিকেল কলেজসমূহত ৰাজ্যখনৰ স্থায়ী প্ৰাৰ্থীকে প্ৰাধান্য দিয়াৰ সপক্ষে ৰায় দিয়ে। বিচাৰপীঠখনে লগতে পূৰ্বে ২০১৭ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজ্য চৰকাৰৰ নীতিক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনসমূহৰ কোনো বৈধতা নাই বুলি স্পষ্ট কৰি দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

August 15, 2025 9:30 pm
ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

August 15, 2025 9:20 pm
স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান! লালকিল্লাৰ ভাষণত আৰ এছ এছক প্ৰশংসাৰে উপছালে নৰেন্দ্ৰ মোদীয়ে

স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান! লালকিল্লাৰ ভাষণত আৰ এছ এছক প্ৰশংসাৰে উপছালে নৰেন্দ্ৰ মোদীয়ে

August 15, 2025 8:15 pm
লিয়নেল মেছিৰ ভাৰত ভ্ৰমণে লাভ কৰিলে চূড়ান্ত অনুমোদন!

লিয়নেল মেছিৰ ভাৰত ভ্ৰমণে লাভ কৰিলে চূড়ান্ত অনুমোদন!

August 15, 2025 7:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

August 15, 2025 9:30 pm
ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

August 15, 2025 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd