সাধাৰণ ৰোগীৰ বাবে কেতিয়া মুকলি হ’ব মেডিকেল কলেজ-অসামৰিক চিকিৎসালয়? জনালে মন্ত্ৰী হিমন্তই

চীনৰ পৰা অহা ৰেপিড টেষ্ট কীটেৰে হ'ব ৰেন্দম টেষ্টিং

6952599b-14ed-4e7e-abd6-6beb17b11de9

ফটো : নৰ্থ-ইষ্ট নাও

ৰাজ্যৰ মেডিকেল কলেজ হাস্পতাল সমূহৰ লগতে জিলা অসামৰিক চিকিৎসালয় সমূহ কোভিদ ৰোগী চিকিৎসাৰ বাবে খোলা ৰখা হৈছিল যাৰ বাবে সাধাৰণ ৰোগীসকল কিছু পৰিমাণে সমস্যাৰ সন্মুখীন হৈছিল।

ইয়াৰ প্ৰতি লক্ষ্য ৰাখি অহা ২৪ এপ্ৰিলৰ পৰা ৰাজ্যৰ সমূহ চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু জিলা অসামৰিক চিকিৎসালয় সমূহ সাধাৰণ ৰোগীৰ বাবে মুকলি কৰি দিব বুলি ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে সিদ্ধান্ত গ্ৰহণ কৰিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই NHM ৰ ৰাজ্যিক কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে।

অৱশ্যে মহানগৰীৰ পানবজাৰস্থিত মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ক বাদ কৰিহে এই সেৱা আৰম্ভ হ’ব বুলি মন্ত্ৰী গৰাকীয়ে জনায়।

এই চিকিৎসালয় সমূহত ৰোগীসকলক চীনৰ পৰা অনা ৰেপিড টেষ্টিং কীটৰে ৰেন্দম টেষ্টিং কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে কয়।

এই ৰেন্দম টেষ্টিঙৰ জৰিয়তে কেনেদৰে উপকৃত হ’ব পাৰিব তাৰ এটা বিৱৰণ দি মন্ত্ৰীগৰাকীয়ে কয় “এই ৰেপিড টেষ্ট কীটৰ IGM আৰু IGG কীটৰ সহায়ত ৰোগীৰ তেজ সংগ্ৰহ কৰি তেজ পৰীক্ষা কৰিলে দুটা ৰিজাল্ট পোৱা যাব। আজিৰ দিনত কোভিদ আক্ৰান্ত হৈছে নে তাৰ আগত কেতিয়াবা কোভিদ ৰোগ হৈছিল সেই সম্পৰ্কে জানিব পৰা যাব। পূৰ্বতে কিমান দিন পূৰ্বৰ পৰা কোভিড হৈছিল সেয়া ৰিজাল্টত ওলোৱা নাছিল।”

ইপিনে, ৰেপিড টেষ্ট কৰাসকলৰ মোবাইল নম্বৰ লোৱা হ’ব তথা আৰোগ্য সেতুৰ সৈতে তেওঁলোকৰ তথ্য সংগ্ৰহ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জনায়।

তদুপৰি, কামৰূপ মহানগৰ প্ৰশাসনে ছিল কৰি ৰখা স্পেনিছ গাৰ্ডেনত আজিৰ পৰা ৫০ টা ৰেপিড টেষ্ট কীটৰে ৰেন্দম টেষ্টিং চলোৱা হ’ব বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দি লগতে কয়, “পৰীক্ষাৰ ৰিজাল্টত কোভিদ মুক্ত হোৱা যেন দেখিলে containment zone ৰ পৰা স্পেনিছ গাৰ্ডেনক আঁতৰোৱা হ’ব।

ইয়াৰ উপৰি, তেনে কীটেৰে মহানগৰীৰ আঠগাঁও কবৰস্থানত ২৫ টা ৰেন্দম টেষ্টিং, লাহৰিঘাটত ২৫০ টা ৰেন্দম টেষ্টিং চলোৱা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে কয়।

এই পৰীক্ষা কৰাৰ অন্তত বাকী কীটখিনি মেডিকেল কলেজ আৰু অসামৰিক চিকিৎসালয় সমূহত প্ৰদান কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

ভাৰত চৰকাৰে চীনৰ জোহাই প্ৰদেশৰ digonestics কোম্পানিৰ পৰা ৯৬০০ ৰেপিড টেষ্টিং কীট অসমৰ বাবে ক্ৰয় কৰি অনা বুলি মন্ত্ৰীগৰাকীয়ে জনায়। লগতে বুধবাৰৰ ভিতৰত চীনৰ গোৱানজু প্ৰদেশৰ পৰা ৰাজ্য চৰকাৰে নিজে অৰ্ডাৰ দিয়া তেনে কীট আহি পাবহি বুলি মন্ত্ৰীগৰাকীয়ে কয়।