ভাৰতীয় বায়ুসেনাৰ ঐতিহাসিক সিদ্ধান্ত: প্ৰথমবাৰৰ বাবে ফ্ৰণ্টলাইন কম্বেট ইউনিটৰ কমাণ্ডৰ দায়িত্বত এগৰাকী মহিলা বিষয়া

First Woman To Command Combat Unit

পৰম্পৰাগতভাৱে চলি অহা প্ৰথা ভংগ কৰি আন এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় বায়ুসেনাই। প্ৰতিৰক্ষা খণ্ডত মহিলাৰ সহ-অংশগ্ৰহণৰ গুৰুত্ব নিশ্চিত কৰি আজি বায়ুসেনাই পশ্চিম খণ্ডৰ এটা ফ্ৰণ্টলাইন কম্বেট ইউনিটৰ কমাণ্ডৰ বাবে নিৰ্বাচিত কৰে গ্ৰুপ কেপ্তেইন শলিজা ধামীক।

এইদৰে ভাৰতীয় বায়ুসেনাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা বিষয়াক ফ্ৰণ্টলাইন কম্বেট ইউনিটৰ কমাণ্ড দিয়া হৈছে। গ্ৰুপ কেপ্তেইন ধামীক ২০০৩ চনত হেলিকপ্টাৰ পাইলট হিচাপে নিযুক্তি দিয়া হৈছিল।

বিষয়াগৰাকীৰ ২৮০০ ঘণ্টাৰো অধিক উৰণৰ অভিজ্ঞতা আছে। এগৰাকী যোগ্য উৰণ প্ৰশিক্ষক হিচাপে পশ্চিম খণ্ডৰ হেলিকপ্টাৰ ইউনিটৰ ফ্লাইট কমাণ্ডাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে ধামীয়ে।

উল্লেখ্য যে ভাৰতীয় বায়ুসেনাত এগৰাকী গ্ৰুপ কেপ্তেইনৰ পদমৰ্যাদা সেনাবাহিনীৰ কৰ্ণেল পদৰ সমপৰ্যায়ৰ।

স্মৰ্তব্য যে, চলিত মাহৰ আৰম্ভণিতে সেনাই প্ৰথমবাৰৰ বাবে মহিলা বিষয়াক কমাণ্ড ৰ’লত নিযুক্তি দিবলৈ আৰম্ভ কৰিছিল। ইয়াৰে প্ৰায় ৫০ গৰাকীয়েই কাৰ্যকৰী এলেকাত ইউনিটৰ নেতৃত্ব দিব।