শিৱসাগৰত জিলা উপায়ুক্তৰ অধ্যক্ষতাত জিলা উন্নয়ন সমিতিৰ বৈঠক সম্পন্ন

IMG-20200623-WA0015(1)

 শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈৰ অধ্যক্ষতাত সোমবাৰে জিলা উন্নয়ন সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়।

উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত অনুষ্ঠিত এই বৈঠকত জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে।

বৈঠকত জিলাখনৰ প্ৰাথমিক শিক্ষা, মাধ্যমিক শিক্ষা, প্রাপ্তবয়ষ্ক শিক্ষা, সমাজ কল্যাণ, সংহত জনজাতি উন্নয়ন প্ৰকল্প, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ দ্বাৰা ৰূপায়িত আঁচনি আৰু কাম-কাজৰ অগ্ৰগতিৰ পৰ্য্যালোচনা কৰা হয়।

এই বিভাগ সমূহৰ মুৰব্বী বিষয়াসকলে পাৱাৰ পইণ্ট প্ৰেজেণ্টেচন যোগেদি তেওঁলোকৰ বিভাগীয় আঁচনিসমূহৰ কাম-কাজৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰে।

বৈঠকত বিভাগীয় আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে জিলা উপায়ুক্তই আঁচনিসমূহৰ কাম নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত শেষ কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে।

জিলাখনৰ বিদ্যালয় সমূহৰ উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বৈঠকত উপায়ুক্ত গৰাকীয়ে সদ্যঘোষিত ২০২০ বৰ্ষৰ উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত জিলাখনৰ যিকেইখন বিদ্যালয়ৰ ফলাফল আশানুৰূপ নহ’ল তাৰ কাৰকসমূহ বিশ্লেষণৰ দ্বাৰা পৰৱৰ্তী পৰ্যায়ত ইয়াৰ উন্নীতকৰণৰ ওপৰত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে।

তদুপৰি তেওঁ বিদ্যালয়সমূহৰ মধ্যাহ্ন ভোজনৰ যোগান আৰু বিতৰণ প্ৰক্ৰিয়াৰ বিষয়েও বুজ লয়।

উপায়ুক্ত গৰাকীয়ে সমাজ কল্যাণ বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন আঁচনি যেনে- পৰিপুষ্টি খাদ্য কাৰ্যসূচী (Supplementary Nutrition Programme), প্ৰধান মন্ত্ৰী মাতৃ বন্দনা যোজনা (Pradhan Mantri Matru Vandana Yojana), দীনদয়াল দিব্যাঙ্গজন পেঞ্চন আঁচনি (Deen Dayal Divyangjan Pension Scheme), দীনদয়াল দিব্যাঙ্গজন পুনৰসংস্থাপন আঁচনি (Deen Dayal Divyangjan Punarsangsthapan Achoni) আদিৰ অগ্ৰগতিৰ বুজো লয়।

তেওঁ চৰকাৰী জনকল্যাণকামী আঁচনিসমূহৰ সফল ৰূপায়ণৰ বাবে সংশ্লিষ্ট বিভাগ সমূহক সমন্বয় ৰক্ষা কৰি কাম কৰিবলৈ আহ্বান জনায়।

বৈঠকত সংশ্লিষ্ট বিভাগ সমূহৰ মূৰব্বী বিষয়া সকল উপস্থিত থাকে।