নাগৰিকত্ব বিধেয়কৰ বিভিন্ন ইচ্ছ্যু সম্পৰ্কে কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনাত মিলিত হোৱাৰ বাবে মেঘালয়ৰ প্ৰতিনিধি দলক নেতৃত্ব দিবলৈ সাজু বুলি মন্তব্য কৰিছে বিজেপি নেতা চানবৰ চুল্লায়ে।
‘‘আমাৰ ৰাজ্যৰ বেচৰকাৰী সংস্থাবোৰৰ বাবেও দুৱাৰ খোলা আছে,’’ শুকুৰবাৰে চুল্লায়ে কয়।
নৱেম্বৰৰ শীতকালীন অধিবেশনত কেন্দ্ৰ চৰকাৰে পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক লৈ আহিব বুলি মন্তব্য কৰাৰ পাছতে মেঘালয়কে ধৰি উত্তৰ-পূবৰ বিভিন্ন অঞ্চলত পুনৰ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদে গা কৰি উঠা পৰিলক্ষিত হৈছে।
চুল্লাই পূৰ্বে মেঘালয়কে ধৰি উত্তৰ-পূৰ্বাঞ্চলক নাগৰিকত্ব বিধেয়কৰ আওতাৰ পৰা আতৰত ৰাখিব লাগে বুলি মন্তব্য কৰিছিল।
বৃহস্পতিবাৰে মেঘালয়ৰ সামাজিক সংস্থা সংঘই উত্তৰ-পূব খিলঞ্জীয়া জনসাধাৰণ মঞ্চ(এন ই এফ আই পি)ৰ বেনাৰত শ্বিলঙত কেবৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
কেন্দ্ৰ চৰকাৰে ৰাজ্যিক বিজেপিৰ দাবীৰ সৈতে মহমত প্ৰকাশ কৰিলেও এই ক্ষেত্ৰত এয়া সাময়িক সকাহহে হ’ব।
‘‘আন্তঃৰাজ্যিক পাৰপত্ৰ অবিহনে, কেবৰ জৰিয়তে অহা লোকৰ সন্মুখত দীৰ্ঘসময়ৰ পৰা ৰাজ্যখনত বাস কৰি অহা খিলঞ্জীয়া লোকসকল সংখ্যালঘুত পৰিণত হ’ব,’’ এন ই এফ আই পিয়ে কয়।
দুৰ্গা পূজাৰ পাছতে মেঘালয় বিজেপিৰ নেতৃত্বই গৃহ মন্ত্ৰী অমিত শ্বাহকে ধৰি কেন্দ্ৰীয় নেতৃত্বক সাক্ষাৎ কৰিব বুলি চুল্লাই উল্লেখ কৰে।
সাক্ষাৎ কালত ৰাজ্যিক বিজেপিৰ নেতৃত্বই কেবকে ধৰি ৰাজ্যখনৰ আন ভালেমান সমস্যা সম্বন্ধে আলোচনা কৰাৰ সম্ভাৱনা আছে।