মেঘালয়: মণিপুৰৰ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

Meghalaya: Drug peddlers from Manipur arrested

প্ৰতীকী ছবি।

মেঘালয় আৰক্ষীয়ে বৃহস্পতিবাৰৰ সন্ধ্যা মণিপুৰৰ দুগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁলোকৰ জিম্মাৰ পৰা প্ৰায় ৭৫লাখ টকাৰ হেৰৌইন জব্দ কৰিছে।

গোপন সূত্ৰৰ পম খেদি যোৱা ইষ্ট খাচি হিলছ জিলাৰ এণ্টি নাৰ্কটিক টাষ্ক ফৰ্চে ডেমথ্ৰিং ব্লক-Iৰ এটা ঘৰত তালাচী চলায় আৰু সামগ্ৰীখিনি জব্দ কৰে।

জব্দকৃত সামগ্ৰীসমূহত ৩৯৩.৩৮ গ্ৰাম সন্দেহযুক্ত হেৰৌইন থকা ৩২টা চাবোনৰ বাকচ আছে।

জব্দ ড্ৰাগছৰ বজাৰ মূল্য আনুমানিক ৭৪,৭৪,২২০ টকা বুলি অনুমান কৰা হৈছে,আৰক্ষীয়ে জনায়।

গ্ৰেপ্তাৰ কৰা লোকসকলক এন ডি পি এছ আইনৰ অধীনত আটক কৰা হৈছে।

মেঘালয় আৰক্ষীয়ে যোৱা কেইটামান মাহত ৰাজ্যখনত ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিছে।

যোৱা ৪ জুলাইত আৰক্ষীয়ে প্ৰায় ৫৮ গ্ৰাম ড্ৰাগছ জব্দ কৰিছে আৰু শ্বিলঙত ১৫গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে।

গ্ৰেপ্তাৰ কৰাসকলৰ ভিতৰত ১৩গৰাকীক বোলে ৰাস্তাত ড্ৰাগছ লৈ থকাৰ পৰা উঠাই নিয়া হৈছে।

দুগৰাকী সন্দেহজনক ড্ৰাগছ সৰবৰাহকাৰীক হেপি ভেলি আৰু পল এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।