তুৰ্কিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় কিক বক্সিং টুৰ্নামেণ্টত দেশক প্ৰতিনিধিত্ব কৰিব মেঘালয়ৰ চুইয়ামে

Hame Shaniah Suiam

হেমে চানিয়াহ চুইয়ামৰ ফাইল ফটো

মেঘালয়ৰ ক্ৰীড়া প্ৰেমীৰ বাবে সুখবৰ কঢ়িয়াই আনিছে কিক বক্সাৰ হেমে চানিয়াহ চুইয়ামে। অহা ৪ৰ পৰা ৭ এপ্ৰিললৈ তুৰ্কিৰ আন্তল্য চহৰত অনুষ্ঠিত হ’ব লগীয়া চতুৰ্থ সংখ্যক ইন্টাৰনেশ্যনেল তুৰ্কিচ অপেন কিক বক্সিং টুৰ্নামেণ্টত চুইয়ামে ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

প্ৰতিযোগিতাখনত চুইহামে ৫৭ কেজি তলৰ পইণ্ট ফাইটিং আৰু পুৰুষৰ কিক লাইট শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াৰ উপৰি কে ১ ৰুলছ, ল’ কিক, ফুল কন্টেক্ট, লাইট কন্টেক্ট, পইণ্ট ফাইটিং, টিম ফাইটছ, মিউজিকেল ফৰ্ম আদি শাখাতো প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব।

ৱৰ্ল্ড এছ’চিয়েশ্যন অব কিক বক্সিঙে আয়োজন কৰা প্ৰতিযোগিতাখনৰ পুৰস্কাৰৰ সৰ্বমুঠ মূল্য ৩০,০০০ য়ুৰোজ।

জানিব পৰা মতে চাৰিবাৰৰ নেশ্যনেল গ’ল্ড মেডেলিষ্ট চুইয়াম পশ্চিম জয়ন্তীয়া হিলছৰ চাংপুঙৰ বাসিন্দা। ইতিমধ্যে চুইয়ামে ইটালী, আয়াৰলেণ্ড আদি দেশত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন কিক বক্সিং টুৰ্নামেণ্টত অংশ লৈছে।

ইয়াৰ উপৰি মহাৰাষ্ট্ৰৰ লোনাভালাত ৱৰ্ল্ড এছ’চিয়েশ্যন অব কিক বক্সিঙে আয়োজন কৰা ইণ্টাৰনেশ্যনেল কিক বক্সিং ৰেফাৰী চেমিনাৰৰ পৰা ইণ্টাৰনেশ্যনেল ৰেফাৰী/বিচাৰকৰ ডিপ্লমা চাৰ্টিফিকেট লাভ কৰে।

উল্লেখ্য যে সৰুৰে পৰা কিক বক্সিঙৰ প্ৰতি আগ্ৰহী চুইয়ামে ২০১৩ চনত প্ৰথমটো ব্লেক বেল্টৰ ডিগ্ৰী লাভ কৰিছিল।