আজি অলপ পিছতে নতুন দিল্লীত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ সম্পৰ্কত গঠন হোৱা সংসদৰ যুটীয়া সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হ’ব। এই বৈঠকত নিজৰ নিজৰ মত দিয়াৰ সুযোগ পাব কমিটীখনৰ সদস্যসকলে। বৈঠকখনৰ গুৰুত্বলৈ চাই লোকসভাৰ ২০জন আৰু ৰাজ্যসভাৰ ১০জন, মুঠ ৩০জন সদস্যৰ সকলোকে জৰুৰীভাৱে উপস্থিত থাকিবলৈ অধ্যক্ষ ৰাজেন্দ্ৰ অগ্ৰৱালে আহ্বান জনাইছিল।
আজিৰ বৈঠকৰ লক্ষণীয় দিশটো হ’ল সদস্যসকলৰ কিছু সংখ্যকে শেহতীয়াকৈ লোৱা স্থিতি। অসম তথা উত্তৰ-পূবত হোৱা তীব্ৰ প্ৰতিবাদ আৰু হিন্দু বাংলাদেশীসকলক বিজেপিয়ে ভোট বেংক হিচাপে গ্ৰহণ কৰাৰ সুযোগৰ প্ৰতি লক্ষ্য কৰি কিছু দিন পূৰ্বে অবিজেপি বেছি সংখ্যক সদস্যই বিধেয়কখনৰ পৰা বাংলাদেশক বাদ দিয়াৰ পোষকতা কৰিছিল।
প্ৰসংগ ক্ৰমে উল্লেখ কৰিব পাৰি যে অহা ডিচেম্বৰ মাহত এই সংসদীয় সমিতিৰ কাৰ্য্যকালৰ অন্ত পৰিব। তাৰ পূৰ্বেই সমিতিয়ে ইয়াৰ প্ৰতিবেদন দিবলৈ চেষ্টা কৰিছে। গতিকে আজিৰ বৈঠক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। আজিৰ বৈঠকৰ পিছতে সমিতিয়ে ইয়াৰ প্ৰতিবেদন যুগুত কৰাৰ সম্ভাৱনা আছে।
আনহাতে কেন্দ্ৰত থকা বিজেপি চৰকাৰেও সোনকালে প্ৰতিবেদন দিয়াটো বিচাৰিছে, যাতে লোকসভাৰ শীতকালীন তথা এই চৰকাৰৰ অন্তিম অধিৱেশনত বিধেয়কখন উত্থাপন কৰিব পাৰে। বৃহৎ সংখ্যক হিন্দু বাংলাদেশীৰ ভোটৰ ৰাজনীতিয়েও ইয়াৰ নেপথ্যত কাম কৰি আছে।
উল্লেখযোগ্য যে অসমৰ চাৰিজন সাংসদ, ক্ৰমে বিজেপিৰ ৰমেন ডেকা, কামাখ্যা প্ৰসাদ তাচা আৰু কংগ্ৰেছৰ ভুৱনেশ্বৰ কলিতা আৰু সুস্মিতা দেব এই সমিতিখনৰ সদস্য।
ইয়াৰে কংগ্ৰেছৰ ভুৱনেশ্বৰ কলিতাই বিধেয়কৰ পৰা বাংলাদেশৰ নাম বাদ দিয়াত অধিক গুৰুত্ব দিছে। কিন্তু বিজেপিৰ ৰমেন ডেকাই ‘দলৰ যি স্থিতি সেয়াই আমাৰ স্থিতি’ বুলি স্পষ্ট কৰি দিছে।
বিজেপিৰ অন্যান্য সাংসদসকলেও বাংলাদেশক বাদ দিয়াৰ পক্ষত নাই বুলি ইতিপূৰ্বে জানিব পৰা গৈছে। কিয়নো যদিও বিধেয়কখনত খ্ৰীষ্টান, পাৰ্চি, বৌদ্ধ আৰু জৈনসকলৰ কথা কোৱা হৈছে, মূলতঃ হিন্দু বাংলাদেশীক সংস্থাপন দিয়াই বিজেপি চৰকাৰখনৰ লক্ষ্য। আৰু হিন্দু বাংলাদেশীৰ তুলনাত বাকী দেশকেইখনৰ পৰা অহা নাগৰিক নগণ্য বুলিব পাৰি।